নিউজ ডেস্ক : শিল্প সৃষ্টিৰ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ নগাঁৱৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰীয়ে অংকন কৰা এখন চিত্ৰই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
এটা সৃজনশীল মনৰ অধিকাৰী ভোলাৰাম নাথ আৰু বিবি দেৱীৰ কনিষ্ঠ কন্যা জ্যোতিকা দেৱী নামৰ নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ ছাত্ৰীগৰাকীয়ে অসমীয়াৰ স্বাভিমান চেলেঙত ৰং তুলিকাৰে অংকন কৰিছে ২৮ খন ৰাজ্যৰ ভাষা আৰু প্ৰতীক চিহ্ন।
জ্যোতিকাই অংকন কৰা চেলেংত আছে ২০৯ টা চিত্ৰ । চেলেংত অংকন কৰা ছবিবোৰৰ ভিতৰত আছে কামাখ্যা মন্দিৰ , যঁতৰত সূঁতা কাটি থকা মহাত্মা গান্ধী , শংকৰদেৱ , কামাখ্যা মন্দিৰ , তাজমহল , ৰংঘৰ , ভাৰত মাতা কী জয়, ৰংঘৰ , বিভিন্ন ৰাজ্যত প্ৰতীকি চৰাই আদি । জ্যোতিকাৰ চিত্ৰখনত ছাত্ৰ ছাত্ৰীৰ সহায়ক হ’ব পৰা যথেষ্ট সমল দেখিবলৈ পোৱা যায় ।
ভাৰতৰ প্ৰতিখন ৰাজ্যৰ শীৰ্ষ গীত, প্ৰতীক পদ, ভাষাৰ চিহ্ন, জাতীয় জন্তু, জাতীয় সংগীত আদি সনিবিষ্ট কৰি দুখন চেলেং লগ লগাই তৈয়াৰ কৰা এই চিত্ৰখনত জ্যোতিকাই ‘ভাৰত মাতা কি জয়’ নাম দিছে। অসমীয়াৰ স্বাভিমান চেলেং চাদৰত দেশৰ ২৮ খন ৰাজ্যৰ মেপ , প্ৰতীক চিহ্ন , ঐতিহ্যমণ্ডিত স্থান , মহাপুৰুষ শংকৰদেৱ,মহাত্মা গান্ধীকে ধৰি বিভিন্ন চিত্ৰ একেলগে অংকন কৰি নগাঁৱৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
আনহাতে নিজৰ এই সৃষ্টিত ছাত্ৰীগৰাকীয়ে মহাপুৰুষ শংকৰদেৱ তথা জাতিৰ পিতা মহাত্মা গান্ধীকো স্থান দিছে। চিকিৎসা বিজ্ঞানৰ পৰীক্ষা দি উঠি মেদাৱী ছাত্ৰী গৰাকীয়ে মাত্ৰ এটা মাহৰ ভিতৰত অংকন কৰা এই চিত্ৰখনে এতিয়া বিভিন্নজনৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। জ্যোতিকাৰ মনৰ ইচ্ছা তেওঁ অংকন কৰা এই ছবিখন গুৱাহাটীৰ কলা ক্ষেত্ৰত সংৰক্ষণ হওক।
লগতে পঢ়ক : সাংসদ তপন কুমাৰ গগৈৰ মাতৃৰ দেহাৱসান