বোকাখাত, উত্তম কুমাৰ শৰ্মা : অসম চৰকাৰৰ এটা বিয়াগোম বিভাগ হিচাপে পৰিচিত ৰাজ্যৰ শিক্ষাবিভাগ। চৰকাৰী বাজেটৰ সিংহভাগ ধনেই পানীৰ দৰে খৰছ হয় এই শিক্ষা বিভাগৰ নামত। কিন্তু তাৰ বিপৰীতে পাঁচটা বছৰত দুবাৰকৈ সলনি হোৱা দক্ষ মন্ত্ৰীৰ কাৰ্যকালতে পৰিলক্ষিত হৈছে ৰাজ্যৰ শিক্ষাখণ্ডৰ নিম্নগামী যাত্ৰা।শিক্ষাখণ্ডত আমূল পৰিৱৰ্তনৰ চৰকাৰী শ্লোগান অসাৰ প্ৰতিপন্ন কৰি এজনীয়া শিক্ষকেৰে ৰাজ্যত প্ৰায় দুই সহস্ৰাধিক বিদ্যালয় চলি আছে।

উল্লেখযোগ্য যে অসম চৰকাৰে শিক্ষা ব্যৱস্থাৰ প্ৰসাৰতা আৰু উন্নয়নৰ লক্ষ্যৰে বছৰি কোটি কোটি টকা ব্যয় কৰি ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি, ইউনিফৰ্ম, মধ্যভোজন আদি ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে বোকাখাত পশ্চিম প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ বহু সংখ্যক চৰকাৰী প্ৰাথমিক বিদ্যালয় চলি আছে কেৱল এজনীয়া শিক্ষকৰ পাঠদানেৰে।

তেনে এখন বিদ্যালয় হৈছে বোকাখাত পশ্চিম প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ মহুৰামুখৰ উজনি বংকোৱাল প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত বিগত ৮মাহে এগৰাকী শিক্ষকৰে চলি আহিছে পাঠদান। পূৰ্বে দুজনীয়া শিক্ষকৰে চলি থকা বিদ্যালয়খনত যোৱাটো বৰ্ষৰ জুন মাহতে এগৰাকী শিক্ষকে অৱসৰ লোৱাৰ পিছত এতিয়া এগৰাকী শিক্ষকৰে বিদ্যালয়খনৰ বিভিন্ন কাম-কাজৰ লগতে পাঠদান চলাই থাকিব লগা হৈছে।

ফলস্বৰূপে বিপাঙত পৰিছে ছাত্র-ছাত্ৰীৰ লগতে অভিভাৱক সকলো। বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ পৰা ২০-৩০ টকা বৰঙণি সংগ্ৰহ কৰি অস্থায়ীভাৱে শিক্ষক নিয়োগ কৰি পাঠদানৰ সুবিধা কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইফালে সমষ্টিটোৰ গ্ৰামাঞ্চলত থকা বহুকেইখন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকৰে পাঠদান চলি থকাৰ বিপৰীতে আন একাংশ বিদ্যালয়ত কিন্তু শিক্ষা বিষয়াৰ কৃপাতে চাৰি-পাঁচজনকৈ শিক্ষক নিয়োজিত হৈ থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। বাৰম্বাৰ আবেদন নিবেদনৰ পাছতো এইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰা গোলাঘাট পশ্চিম প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়াগৰাকীক পুনৰবাৰ আৰু এজন শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজ তথা বিদ্যালয়ৰখনৰ পৰিচালনা সমিতিয়ে।

ইয়াৰ উপৰি যোৱা কেইটা দিনত সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হোৱাও পৰিলক্ষিত হৈছে য’ত উক্ত বিদ্যালয়ৰখনৰে এগৰাকী ছাত্ৰীয়ে এজন শিক্ষাগুৰু বিচাৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাইছে।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply