বোকাখাত, উত্তম কুমাৰ শৰ্মা: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাক দেৱীৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান। অৱশ্যে বোকাখাতৰ এখন বিদ্যালয়ে উদযাপন কৰা নাই সৰস্বতী পূজা। সৰস্বতী পূজাৰ পৰিৱৰ্তে বিদ্যালয়খনত অনুষ্ঠিত হৈছে এক ব্যতিক্ৰমী অনুষ্ঠান।
ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাৰে বোকাখাতৰ আগশাৰীৰ বিদ্যালয় হিচাপে গঢ় লৈ উঠা, প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম নিবেদন ‘বোকাখাত জাতীয় বিদ্যালয়’ত আজি সৰস্বতী পূজাৰ পৰিৱৰ্তে ‘বিদ্যাৰ দিন, সংকল্প দিৱস” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰা হয়।
সেই অনুসৰি স্বনামধন্য লেখকৰ বিভিন্ন গ্ৰন্থৰ সম্ভাৰেৰে বিদ্যালয়খনৰ বাকৰি সজাই তোলা হয়। ইয়াৰ উপৰি শাস্ত্ৰীয় সংগীত, কবিতা আবৃত্তি ,সৃষ্টিশীল নৃত্য তথা থলুৱা কৃষ্টি-সংস্কৃতিৰ সমাহাৰ ঘটা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ উঠে বিদ্যালয় প্ৰাংগণ।
ইয়াৰ উপৰি বিদ্যালয়খনৰ ছাত্ৰাৱাসৰ কেইবাগৰাকী ছাত্ৰৰ দ্বাৰা প্ৰকাশিত ‘যাত্ৰাঃ ২-গল্প বিশেষ সংখ্যা’ শীৰ্ষক এখন আলোচনী উন্মোচন কৰা হয়।
উল্লেখযোগ্য যে ২০০৪ চনত আধুনিক, বিজ্ঞান-মনস্ক শিক্ষা আৰু প্ৰগতিশীলতাৰ ধ্যান-ধাৰণাৰে আৰম্ভ হোৱা বিদ্যালয়খনে প্ৰতিস্থা কালৰে পৰা সৰস্বতী পূজাৰ দিনটো ‘বিদ্যাৰ দিন সংকল্প দিৱস’ হিচাপে পালন কৰি আহিছে।
এইক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰতিস্থাপক তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ সম্পাদক সোণেশ্বৰ নৰহে কয়, “শিক্ষাৰ প্ৰকৃত সাধনাত ব্ৰতী হ’বলৈ হ’লে ভাষা-সংস্কৃতিক লগত লৈ এক বিশ্বজনীন শিক্ষা ব্যৱস্থা গঢ়ি তুলিব লাগিব আৰু সেই অৱস্থা লাভ কৰিবলৈ যাওঁতে জনবিশ্বাসত থকা কু-সংস্কাৰসমূহ পৰিহাৰ কৰি বিজ্ঞান-মনস্ক শিক্ষাৰে আগবাঢ়িব লাগিব।”
”শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ -ছাত্ৰী সকলোৱে যাতে নীতিনিষ্ঠ শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ বাবে সংকল্পবদ্ধ হৈ এখন সুস্থ-সৱল সমাজ গঢ়াৰ ক্ষেত্ৰত দায়বদ্ধতা স্বীকাৰ কৰে তাৰ বাবে বিদ্যালয়খনত আজিৰ দিনটোক ‘সংকল্প দিৱস’ হিচাপে উদযাপন কৰা হয়,” তেওঁ লগতে কয়।
লগতে পঢ়ক – JNU-ৰ উপাচাৰ্য্য জগদীশ কুমাৰলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষৰ পদ