মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: এফালে বিজেপি নেতৃত্বাধীন চৰকাৰৰ উন্নয়ণৰ ঢাক ঢোল আনফালে ঠাই বিশেষে উন্নয়ণৰ বিপৰীত প্ৰতিচ্ছবি। ৰাজ্যখনৰ এনে বহু গাওঁ আছে যিসমূহে আজিও উন্নয়ণৰ মুখ নাই। তেনে এখন গাঁও হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ মাইচাংপানি বালি চাপৰি গাঁও।বুঢ়ীদিহিং নদীৰ পাৰত থকা এই গাঁওখন ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত। সহস্ৰাধিক জনসংখ্যা থকা গাঁওখন মূলতঃ চাহ জনগোষ্ঠী তথা সোণোৱাল কছাৰী জনগোষ্ঠী অধ্যুষিত।
মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই গাঁওখনত অনুষ্ঠিত কৰা অ’ আমাৰ গাঁও কাৰ্যসূচীত উন্মোচিত হৈছে চৰকাৰৰ উন্নয়ণৰ ঢাক ঢোলৰ বিপৰীত ছবি। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগৰ পৰিচালনাত অনুষ্ঠিত আজিৰ অনুষ্ঠানত গাওঁবাসীয়ে ব্যক্ত কৰে স্বাস্থ্য, শিক্ষা, বিদ্যুত, যাতায়ত আদিকে ধৰি এশ এবুৰি সমস্যাৰ কথা।
বুঢ়ীদিহিং নদীৰ তীব্ৰ গৰাখহনীয়াই মাইচাংপানী বালিচাপৰিকে ধৰি ইনথেম গাঁও পঞ্চায়তৰ মুখ্য সমস্যা। হাজাৰ হাজাৰ বিঘা ভূমি নদীত জাহ গৈছে। প্ৰায় ১৫ কিলোমিটাৰ অংশ ইনথেম গাওঁ পঞ্চায়তৰ অংশ বুঢ়ীদিহিংৰ গৰাখহনীয়াৰ কবলত পৰিছে। যাৰ গাওঁ কেইখনৰ অস্তিত্বলৈ সংকট নামি আহিছে। শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে মাইচাংপানি বালি চাপৰিকে ধৰি বহু সংখ্যক গাঁও নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত হৈ পৰিছে।
বাৰিষাকালত গাওঁখন বণ্যাৰ কবলত পৰি যমৰ যাতনা ভুগিব লগা হয়। মথাউৰিটোৱে বহিঃজগতৰে সম্পৰ্ক স্থাপনৰ একমাত্ৰ পথ হোৱা হেতুকে যাতায়ত দুৰ্বিষহ হৈ পৰে। বাৰিষাকালত পথটো বোকা আৰু পানীময় হৈ পৰে। যান বাহন চলাচলটো বাদেই এখন চাইকেল ঠেলি নিয়াও সম্ভৱ নহয়। সেই সময়ছোৱাত ছাত্ৰ-ছাত্ৰী, ৰোগীৰ কি বিলৈ হয় সহজেই অনুমেয়। মাইচাংপানি বালি চাপৰি গাঁৱৰ এটা উপপথো আজিকোপতি নিৰ্মাণ বা মেৰামতি একোৱে হোৱা নাই।
পঞ্চায়তখনৰ সভানেত্ৰী অৰুণা গুডুংক নিৰ্বাচনৰ সময়তে যি ৰাইজৰ দেখা। আজিকোপতি ভুমুকি মৰা নাই গাওঁখনত। মাইচাং প্ৰাথমিক বিদ্যালয় হৈছে একমাত্ৰ প্ৰাথমিক শিক্ষাগ্ৰহণৰ স্থল। এশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনীয়া শিক্ষকৰে চলি আহিছে বিদ্যালয়খন। মধ্য ইংৰাজী, উচ্চ মাধ্যমিক শিক্ষাগ্ৰহণৰ বাবে নগাপথাৰ বা কেটেতংলৈ যাব লগা হয়। এজনীয়া শিক্ষকেৰে চলি থকা প্ৰাথমিক বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্ত নহলে প্ৰাথমিক শিক্ষাৰ নামত যে ভেকোভাওঁনা চলি থাকিব সেইয়া নিশ্চিত।
মন কৰিবলগীয়া যে সহস্ৰাধিক জনসংখ্যাৰ বিপৰীতে গাঁওখনত এখনো উপ-স্বাস্থ্য কেন্দ্ৰ নাই। ফলত ৰোগীক মাৰ্ঘেৰিটা বা তিনিচুকীয়া, ডিব্ৰুগড়লৈ নিয়াৰ বিকল্প নাই। কেতেটংত এখন চৰকাৰী চিকিৎসালয় আছে যদিও পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ, ঔষধ-পাতি নাই। তদুপৰি বিশুদ্ধ খোৱাপানী যোগান নাই। ১০০ শতাংশই কৃষিজীৱি লোক থকাৰ পাছতো জলসিঞ্চনৰ ব্যৱস্থা নাই। খেতিৰ বাবে কৃষকসকল বৰষুণৰ ওপৰতে নিৰ্ভৰশীল। মাৰ্ঘেৰিটাত কৃষি বিভাগৰ কাৰ্যালয় এটা আছে যদিও এই গাৱঁৰ কৃষকসকল অলপো উপকৃত হোৱা নাই।
সংস্থাৰ যুটীয়া সম্পাদক মানস প্ৰতিম গগৈয়ে আঁতধৰা অনুষ্ঠানটোত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উপঃ সভাপতি বিকাশ বৰুৱা, সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া, সহকাৰী সম্পাদক ক্ৰমে মানস প্ৰতিম গগৈ, শ্যামল নেওগ, সাংগঠনিক সম্পাদক ফাইজুৰ ৰহমান, সদস্য আব্দুল আলিম, বিকি দাস, অৰুণ ভূঞা, সাংবাদিক মৃদু বৰুৱাসহ গাওঁখনৰ ২ শতাধিক ৰাইজ উপস্থিত থাকে।
গাঁওখনৰ জ্যেষ্ঠ নাগৰিক অম্বেশ্বৰ গগৈ, অজগৰাম নাগবংশী, আৰু ঘনকান্ত গগৈক মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মাৰ্ঘেৰিটা সাংবাদিক সন্থাই শীঘ্ৰে সংশ্লিষ্ট কৰ্তৃপক্ষক সমস্যাসমূহ সমাধানৰ ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাৰ লগতে সংশ্লিষ্ট সকলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জনায়।
লগতে পঢ়ক – সুখবৰঃ সেনা বাহিনীত যোগদান কৰিব পাৰিব কানাডাৰ প্ৰবাসী ভাৰতীয়ই