কমাৰগাঁও (গোলাঘাট) : দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো দ্ৰুত গতিত ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ প্ৰক্ৰিয়া বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পুৰুষৰ লগতে একাংশ শিক্ষিত মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে।

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলৰ বিচিত্ৰা বৰুৱা দাস নামৰ এগৰাকী শিক্ষিত মহিলাই  ঘৰতে এখন ছাগলী ফাৰ্ম খুলি বছৰি প্ৰায় পাঁচ লক্ষ্যধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰপাক অঞ্চলৰ আদৰ্শ কৃষক প্ৰদীপ দাসৰ বোৱাৰী তথা বিচিত্ৰা বৰুৱা দাসে প্ৰথমে এজনী উন্নত জাতৰ ছাগলী পালন কৰিছিল। ইয়াৰ পাছতেই মহিলা গৰাকীয়ে ঘৰতে এখন সৰুকৈ ছাগলী ফাৰ্ম আৰু হাঁহ পালন কৰি  নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও আন দুটা পৰিয়াল পো-পালন দিবলৈ সক্ষম হৈছে।

বৰ্তমান সময়ত মহিলা গৰাকী ফাৰ্ম খনত ৩০ টাকৈ অধিক উন্নত জাতৰ ছাগলী থকাৰ উপৰিও বিক্ৰী কৰিব পৰা ছাগলী সংখ্যা হৈছে ১৮ টা। এটা ছাগলী তেওঁ ১০ৰ পৰা ১৫ হাজাৰ টকাৰ মূল্যত বিক্ৰী কৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

বৰ্তমান সময়ত বৃহত্তৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলত ছাগলী পালন কৰি স্বাৱলম্বী হোৱা বিচিত্ৰা বৰুৱা দাস বহু মহিলাৰ আদৰ্শ স্বৰূপ হৈ পৰিছে । 

লগতে পঢ়ক – চৰাইদেউ বিহু হুঁচৰি দলৰ প্ৰচেষ্টাত “ৰঙৰে ৰঙালী ২০২২” শীৰ্ষক বিহু এলবাম উন্মোচন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply