নিউজ ডেস্ক: মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত ৰাজ্যত তিনিজন ব্যক্তিক আটক কৰা হৈছে, সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইয়াৰে কাচাৰৰ পৰা আটক কৰা এগৰাকী অভিযুক্তৰ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টচাৰ্য ওৰফে ‘কাঞ্চন দা’ৰ সৈতে সম্পৰ্ক আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
আনহাতে,আন দুগৰাকী অভিযুক্তক ভাৰতীয় সেনাই ডিব্ৰুগড়ৰ পৰা আটক কৰে বুলি সূত্ৰটোৱে লগতে জনায়।
কাচাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মহত্তাই PTI-ক জনোৱা মতে শনিবাৰে নিশা ধৰিত্ৰী শৰ্মা নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়।
“গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে আহি তেওঁক গ্ৰেপ্তাৰ কৰি একে ৰাতি গুৱাহাটীলৈ লৈ গৈছিল,” তেওঁ কয়।
আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ধৃত মাওবাদী নেতা ‘কাঞ্চন দা’ৰ পৰা আহৰণ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি শৰ্মাক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বিৰুদ্ধে থকা অভিযোগ সমূহৰ ওপৰত তদন্ত কৰি থকা হৈছে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত কাচাৰত চি পি আই (মাওবাদী)-ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ‘কাঞ্চন দা’ক গ্ৰেপ্তাৰ কৰা হৈছিল।
আনহাতে ডিব্ৰুগড়ক অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই জনোৱা মতে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত দেওবাৰে ডিব্ৰুগড়ৰ পৰা সেনাই আন দুজনক আটক কৰে।
লোক কেইজনৰ পৰা এটা .২২ পিষ্টল, এটা মেগাজিন আৰু চাৰি জাঁই সক্ৰিয় গুলী জব্দ কৰা হয় বুলি চেতিয়াই জানিবলৈ দিয়ে।
লগতে পঢ়ক – শিলচৰত হাতত দা লৈ বিদ্যালয়ত প্ৰৱেশ কৰা প্ৰধান শিক্ষকক নিলম্বন