নিউজ ডেস্ক : যোৰহাট নগৰত এগৰাকী ছাত্ৰ নেতাক একাংশ উত্তেজিত লোকে মৰিয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰা লোক কেইজনক নিৰজ দাস, বিতোপন দাস,বিক্ৰম দাস, সুভাষ বৰা, দেব দাস, মোহন দাস আৰু অবিনাশ বৰা বুলি চিনাক্ত কৰা হৈছে। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুশ জৈনে সাংবাদিকৰ আগত এই কথা সদৰী কৰে।
আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে জনাই যে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু শীঘ্ৰে উক্ত ঘটনাৰ সৈতে জড়িত থকা বাকী দোষীসকলক গ্ৰেপ্তাৰ কৰা হ’ব।
উল্লেখযোগ্য যে আজি এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৰহাটৰ নিৰ্মল চাৰিআলিৰ সমীপত একাংশ উন্মত্ত লোকে তিনিজন যুৱকক বেয়াকৈ প্ৰহাৰ কৰিছিল।
উক্ত আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত তিনিজন যুৱককে যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ১ নং খকন্দগুৰি গাঁওৰ নবিন ভূঞা আৰু হিৰো ভূঞাৰ পুত্ৰ তথা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভূঞাই মৃত্যুক সাবটি লয়।
আনহাতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ তদন্ত কৰি ইয়াৰ সৈতে জড়িত দোষীৰ ওপৰত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।
দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কাইলৈ দিনৰ ১১ বজাৰ পৰা মুখত ক’লা কাপোৰ মাৰি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।
লগতে পঢ়ক : যোৰহাটত এদল উন্মত্ত লোকৰ প্ৰহাৰত মৃত্যু ছাত্ৰনেতাৰ