শিলচৰ: অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হৈ কাৰাবাস খতা তিনি গৰাকী বাংলাদেশী নাগৰিকক মঙলবাৰে নিজ দেশলৈ ঘূৰাই পঠোৱা হয়। প্ৰত্যাৰ্পন কৰা বাংলাদেশী নাগৰিক কেইজনক ৰেশ্মা বেগম (৪০), ছিহাব উদ্দিন (৩৫) আৰু ৰিহান আহমেদ তালুকদাৰ (২১) বুলি চিনাক্ত কৰা হৈছে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে কামৰ সন্ধানত উক্ত লোক কেইজনে কোনো এজেণ্টৰ সহায়ত ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ কিছু দিনৰ পিছতে তেওঁলোক বৰাক গ্ৰেপ্তাৰ হয়।

মঙলবাৰে সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ), অসম আৰক্ষীৰ লোকৰ উপস্থিতিত লোক কেইজনক কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ শুটৰকান্দীত বৰ্ডাৰ গাৰ্ড বাংলাদেশ (বি জি বি)-ৰ গতাই দিয়া হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিগত দুটা বছৰত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৩৮ গৰাকী ব্যক্তিক বৰাকৰ পৰা তেওঁলোকৰ নিজা দেশলৈ ঘূৰাই পঠোৱা হৈছে। ২০১৯ চনত অসমৰ বিভিন্ন জেলত কাৰাবন্দী হৈ থকা ১৯ গৰাকী বাংলাদেশী নাগৰিকক ঘূৰাই পঠোৱা হৈছিল।

আনহাতে শিলচৰ সদৰ কাৰাগাৰত থকা ম্যানমাৰৰ ১৯ গৰাকী নাগৰিকক ২০২০ চনৰ নৱেম্বৰত মণিপুৰৰ মোৰেলৈ নি তাৰ পৰা তেওঁলোকৰ দেশলৈ প্ৰত্যাৰ্পন কৰা হয়।

লগতে পঢ়ক – চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ চতুৰ্থ দিনৰ ষষ্ঠ ৰাউণ্ড     

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply