বোকাখাত, উত্তম কুমাৰ শৰ্মা : নুমলীগড়ত এইবাৰ বন্যহস্তীৰ সমান্তৰালকৈ আৰম্ভ হৈছে বাঘৰ সন্ত্ৰাস। বৃহস্পতিবাৰে নুমলীগড়ৰ কাষৰীয়া চলাবিল অঞ্চলত  বাঘৰ আক্ৰমণত আহত হয় চাৰিজনকৈ লোক। 

ব্যক্তিগত চাহ বাগিচাত কলম কাটি থকা অৱস্থাত চাৰিজন লোকক পৃথকে পৃথকে আক্ৰমণ কৰে এটা নাহৰফুটুকী  বাঘে। বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ধনিৰাম ছাৰেং, দীপক লাকৰা আৰু ৰামেশ্বৰ বাস্কেৰ লগতে আন এজন লোক।

লগতে পঢ়কঃঅনুষ্টুপীয়াকৈ আয়োজন কৰা জোনবিল মেলাৰ আজি দ্বিতীয় দিন

অৱশ্যে আহত এজন লোকৰ কলম কটাৰীৰ ঘাপত মৃত্যু হয় বাঘটোৰ। আত্মৰক্ষাৰ বাবে ওলোটাই বাঘটোক আক্ৰমণ কৰাৰ ফলতে বাঘটোৰ মৃত্যু হোৱা বুলি জানিব দিছে স্থানীয় ৰাইজে।

ইফালে ঘটনাস্থলীত  ৰহস্যজনকভাৱে অতি গোপনে বন বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত বাঘটোক গোলাঘাট জিলা বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ যোৱা জানিবলৈ দিছে স্থানীয় লোকে।  ইতিমধ্যে বাঘৰ আক্ৰমণত আহত আটাইকেইজন লোককে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply