প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী : ৰাজ্যত অব্যাহত থকা ক’ভিড মহামাৰীৰ পৰি লক্ষ্য ৰাখি তিনিচুকীয়া আৰু যোৰহাট জিলা প্ৰশাসনে জিলাখনত বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে।

এতিয়াৰ পৰা জিলা দুখনত যুগ্ম-অযুগ্ম হিচাপত বাহন চলাব লাগিব।  

আজি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে নতুন ক’ভিড নিৰ্দেশাৱলী ঘোষণা কৰাৰ পিছতে জিলা প্ৰশাসনেও এই ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা হ’ব বুলি সদৰী কৰে।

লগতে পঢ়ক : ৰাজ্যৰ নতুন ক’ভিড নিয়মাৱলী; ১বজাৰ পৰা বন্ধ হ’ব দোকান-পোহাৰ

দুয়োখন জিলাৰ উপায়ুক্তৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনাত জনোৱা মতে জিলাখনত যুগ্ম নম্বৰৰ বাহন বিলাক দেওবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈ চলাব পাৰিব আৰু অযুগ্ম নম্বৰৰ বাহন বিলাক সোমবাৰ, বুধবাৰ, শুক্রবাৰে চলাব পাৰিব।

তিনিচুকীয়াত চৰকাৰী বাহন আৰু চিকিৎসাৰ লগত জড়িত বাহন বিলাকৰ বাহিৰে আন সকলো বাহনে এই নিয়ম ১৩ মে’ৰ পৰা পৰৱৰ্তী নিৰ্দেশ পৰ্য্যন্ত মানিব লাগিব।  

মঙলবাৰে তিনিচুকীয়াত ২০৮ গৰাকী লোকৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে, দিনটোত জিলাখনত আক্ৰান্তৰ হাৰ আছিল ১১.৭১ শতাংশ।

অৱশ্যে যোৰহাট জিলা প্ৰশাসনে এই ক্ষেত্ৰত কিছু শিথিলতা অৱলম্বন কৰিছে। জিলাখনত, মাল-বস্তু কঢ়িওৱা গাড়ী, এ এছ টি চি বাছ, জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা অন্য জিলাৰ বাহন, এ টি এমৰ টকা কঢ়িওৱা বাহন, পৰিচয় পত্ৰ থকা সংবাদ কৰ্মীৰ বাহন আদি ৰেহাই দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply