লখিমপুৰ: লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভীমপৰা পঞ্চায়তত সচিব কৰ্মচাৰীৰ বিৰুদ্ধে আৰু সভানেত্ৰী গৰাকীৰ কাৰ্যালয়ত উপস্থিতি নিয়মীয়া নহয় বুলি অভিযোগ তুলিছে TMPK ভীমপৰা আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে ।
প্ৰয়োজনৰ সময়ত স্থানীয় ৰাইজে সচিব, কৰ্মচাৰী আৰু সভানেত্ৰীক বিচাৰি হাবাথুৰি খাব লগীয়া হয় বুলি অঞ্চলটোৰ লোকে অভিযোগ কৰে।
কৰ্মচাৰীক বিচাৰি অঞ্চলবাসীয়ে সোৱণশিৰি নদী পাৰ হৈ ২০-২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি বগী নদী উন্নয়ন খণ্ডত লগ ধৰিবলগীয়া হয় বুলি TMPK ৰ ভীমপৰা আঞ্চলিক সমিতিৰ সভাপতি মনোজ ঠাকুৰৰ লগতে স্থানীয় লোকে জানিবলৈ দিয়ে।
এই সন্দৰ্ভত TMPK ৰ ভীমপৰা আঞ্চলিক সমিতিয়ে বগীনদী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক কেইবাবাৰো লিখিতভাৱে বিষয়টো অৱগত কৰিছে যদিও মৌনতাহে অৱলম্বন কৰি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে।
উন্নয়ন বিষয়া গৰাকীয়ে এই বিষয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত আজি TMPKৰ ভীমপৰা আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰায় এক শতাধীক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ভীমপৰা পঞ্চায়তৰ সচিব, কৰ্মচাৰী আৰু সভানেত্ৰী উপস্থিতি নিয়মীয়া কৰক, ভীমপৰা পঞ্চায়তৰ সচিব কৰ্মচাৰী, সভানেত্ৰীৰ গাফিলতি নচলিব, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লগানেৰে ভীমপৰা পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত কঁপাই তোলে ।
লগতে পঢ়ক – কোয়াড (Quad) সামিটত; জাপানত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী