নিউজ ডেস্ক: ৰাজ্যৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ নিয়মীয়া ৮,০০০টা খালী শিক্ষকৰ পদ বিলুপ্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে শিক্ষা বিভাগে জাৰি কৰা এক নির্দেশনাত এই তথ্য প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে ২০২০ চনৰ ২৬ মে’ত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এক সিদ্ধান্তত বিত্তীয় সংকটৰ দোহাই দি নিয়মীয়া এই খালী পদসমূহত নিযুক্তি দিয়াৰ বিপৰীতে ৰিজাৰ্ভ কৰি ৰখা হৈছিল।
সেই সময়ত ষ্টেট পুল শিক্ষকসকলক নিয়মীয়াকৈ দৰমহা দিয়াৰ বাবে নিম্ন প্রাথমিক বিদ্যালয়ৰ ৪,২৮৫ আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ মুঠ ৮,০০০টা নিয়মীয়া খালী শিক্ষকৰ পদত নিযুক্তিৰ পৰিৱর্তে বিভীয় অবস্থা ভাল হ’লে নিযুক্তি দিবলৈ ৰিজাৰ্ভ কৰি ৰখা হৈছিল।

কিন্তু শিক্ষা বিভাগে শেহতীয়া জাননী জৰিয়তে ৰিজাৰ্ভ হৈ থকা এই খালী পদসমূহত ষ্টেট পুল বা ঠিকাভিত্তিক টেট শিক্ষকত নিয়মীয়া নিযুক্তি প্ৰদান কৰাৰ বিপৰীতে পদসমূহ বিলুপ্তি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।
চৰকাৰৰ উক্ত ফলত কেৱল ৮,০০০ নিয়মীয়া শিক্ষকৰ পদত ঠিকাভিত্তিক টেট বা ষ্টেট পুলৰ শিক্ষকক নিযুক্ত কৰাই নহয় নতুনকৈ নিযুক্তিৰ পথো বন্ধ হৈ পৰিব।
লগতে পঢ়ক – আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণঃ মানি চলিব লাগিব এইবোৰ নিয়ম