নিউজ ডেস্ক: অসম কেবিনেটে ৰাজ্যজুৰি ২,০০০ টা নতুন অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন জনাইছে, বুধবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, চাইল্ডকেয়াৰ সেৱা উন্নত কৰাৰ বাবে গ্ৰাম্য অঞ্চলত উক্ত অংগনৱাড়ী কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হ’ব।
মুঠ ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগীয়া ২০০০ টা অংগনৱাড়ী কেন্দ্ৰৰ প্ৰতিটো কেন্দ্ৰত ২৫ লাখ টকা ব্যয় কৰা হ’ব।
নতুন দিল্লীত এক বিশেষ বৈঠক অনুষ্ঠিত কৰা অসম কেবিনেটে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথক নিৰ্মাণকাৰ্য চলি ছকা ব্ৰহ্মপুত্ৰৰ ছয় লেনযুক্ত দলঙৰ পথৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰেম্পেট ইণ্টাৰচেঞ্জ নিৰ্মাণৰ বাবে ৩৩২.৫৯ কোটি টকা মঞ্জুৰ কৰে।
তদুপৰি ৰাজ্যৰ হস্ততাঁত খণ্ডক উৎসাহিত কৰিবলৈ ২২.৪১ কোটি টকা ব্যয়েৰে যোৰহাটৰ তিতাবৰত ৰেচম শিল্প মহাবিদ্যালয় স্থাপনৰ বাবে ইতিমধ্যে অনুমোদন প্ৰদান কৰা হৈছে বুলি কেবিনেট বিজ্ঞপ্তিত কোৱা হৈছে।
ৰাজ্যিক কেবিনেটে অনুমোদন কৰা ২০২৩ চনৰ হলিডে লিষ্টত ৩৮ টা গেজেটেড বন্ধ, ৩০ টা ৰেষ্ট্ৰিক্টেড বন্ধ আৰু দুটা হাফ হলিডে’ অন্তৰ্ভুক্ত হৈছে।
ইয়াৰ উপৰিও, কেবিনেটে Assam Trees Outside Forest (Sustainable Management) আইন, 2022-ৰ অনুমোদন জনাইছে, ফলত এতিয়া কোনো লোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমতি নোলোৱাকৈ যিকোনো বনাঞ্চলৰ পাঁচ কিলোমিটাৰ বাহিৰত ৭১ টা প্ৰজাতিৰ গছ কাটিব পাৰিব।
ইয়াৰ লগতে কেবিনেটে ৰহাৰ জোঙাল বলহু পুৰাতাত্ত্বিক ক্ষেত্ৰত জোঙাল বলহু ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৫০ কোটি টকা মঞ্জুৰ কৰে।
লগতে পঢ়ক – জাপান (২) বনাম জাৰ্মানী (১): বিশ্বকাপৰ Tactical Analysis