গুৱাহাটী : অসম চৰকাৰৰ আঁচনিসমূহৰ সুবিধা আদায় কৰাৰ ক্ষেত্ৰত শীঘ্ৰে দুটা সন্তানৰ নীতি কাৰ্যকৰী কৰা হ’ব বুলি মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে। শনিবাৰে এক গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে।
অৱশ্যে, কিছুমান আঁচনি কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা সেতুকে জন্ম নিয়ন্ত্ৰণৰ এই নীতি সকলো আঁচনিৰ ক্ষেত্ৰতে প্ৰযোজ্য নহ’ব বুলি মুখ্য মন্ত্ৰী শৰ্মাই জনায়।
তেওঁ কয়, ‘বিদ্যালয়ত শিশুৰ বিনামূলীয়া নামভৰ্তি বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমি দুটা সন্তানৰ নিয়ম কাৰ্যকৰী কৰিব নোৱাৰো। পৰৱৰ্তী পৰ্য্যায়ত লাহে লাগে ৰাজ্য চৰকাৰৰ সকলো আঁচনিত দুটা সন্তানৰ নিয়ম প্ৰয়োগ কৰা হ’ব।’
লগতে পঢ়ক : দুৰ্দান্ত লালৰেছিয়ামি; প্ৰথম গৰাকী মিজো মহিলা অলিম্পিয়ান
জন্ম নিয়ন্ত্ৰণৰ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে বিৰোধী পক্ষই তেওঁৰ পিতৃ-মাতৃক সাঙুৰি লোৱা স্থিতিৰ সমালোনা কৰি তেওঁ কয়, ‘আমাৰ পিতৃ-মাতৃয়ে ৭০ৰ দশকত কি কৰিছিল তাক লৈ কথা পতাৰ কোনো অৰ্থ নাই। বিৰোধীয়ে এইধৰণৰ অবান্তৰ কথাৰে আমাক ৭০ৰ দশকলৈ পিছুৱাই নিব বিচাৰে।’
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালত পাঁচজন ককায়েক ভায়েক আছে।
ইয়াৰ উপৰি এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও জন্ম নিয়ন্ত্ৰণৰ সৈতে সম্পৰ্ক থকা মহিলা শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে বুলি ড০ শৰ্মাই মন্তব্য কৰে।
‘কালি বদৰুদ্দিন আজমলে মোক লগ ধৰি মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত আমমি লোৱা প্ৰচেষ্টাৰ শলাগ লয়,’ তেওঁ কয়।