নিউজ ডেস্ক: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ঠাইৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে আৰম্ভ হৈছে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ নাম এতিয়া চৰ্চালৈ আহিছে।
যোৱা ১৪ ফেব্ৰুৱাৰীত মুখ্য মন্ত্ৰীয়ে কালাপাহাৰত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় ‘প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়’ৰ ভূমিপূজনত অনুষ্ঠানত ভাগ লৈ ঠাইৰ নাম সলনিৰ উদ্দেশ্যত ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিব বুলি ঘোষণা কৰিছিল।
মুখ্য মন্ত্ৰীয়ে জনোৱা মতে যদি কোনো অঞ্চলৰ ৰাইজে তেওঁলোকৰ ঠাইখনৰ নাম পৰিৱৰ্তন কৰিব খোজে উক্ত পৰ্টেলত গৈ তেওঁলোকে নিজৰ ঠাইখিনিৰ বাবে নতুন নাম প্ৰস্তাব কৰিব পাৰিব। সভাত মুখ্য মন্ত্ৰীয়ে গুৱাহাটীৰ কালাপাহাৰৰ নাম সলনি কৰি নতুন নামাকাৰণ কৰা হ’ব বুলি কৈছিল।
টুইটাৰত মুখ্য মন্ত্ৰীয়ে ‘এখন মহানগৰ, চহৰ বা গাঁৱৰ নামে ঠাইখিনিৰ সংস্কৃতি, ঐতিহ্য আৰু সভ্যতাক প্ৰতিফলিত কৰে’ বুলি উল্লেখ কৰি চৰকাৰে ‘আমাৰ’ সভ্যতা, সংস্কৃতিৰ পৰিপন্থী আৰু যিকোনো জাতি বা সম্প্ৰদায়ৰ বাবে অসন্মানজনক ঠাইৰ নাম পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আহ্বানৰ বাবে পৰ্টেল মুকলি কৰিব বুলি কয়।
বুধবাৰে মাজুলীত বিষয়টো সন্দৰ্ভত মত প্ৰকাশ কৰি ‘কুকুৰমুতা’, ‘ছেৰাপভাটি’ আদি নাম ভাল নহয় বুলি উল্লেখ কৰাৰ লগতে এনে নামসমূহ ঠাইখিনিৰ লগতে কিছুমান জনগোষ্ঠীৰ প্ৰতি হেয়সূচক বুলি মন্তব্য কৰে।
আনহাতে মুখ্য মন্ত্ৰীৰ উক্ত ঘোষণাৰ পিছতে পুনঃ নামাকৰণকলৈ চৰ্চালৈ কেইখনমান ঠাইৰ নাম হৈছে – নৰকাসুৰ, কুকুৰমুতা, লেংটিছিঙা, হেদায়েৎপুৰ, ইছলামপুৰ, ছেৰাপভাটি, মুছলিমপট্টি, কাউৰেহাগি, হাতী মুতুৰা আদি।
গুৱাহাটীৰ পাণ্ডু ঘাটৰ পৰা কামাখ্যা ধামলৈ যোৱা বিকল্প পথটো নাম ‘স্বামী মুক্তানন্দ সৰস্বতী পথ’ হিচাপে নামাকৰণ কৰিবলৈ অঞ্চলটোৰ লোকে গুৱাহাটী পৌৰনিগমক অনুৰোধ কৰিছে। এইক্ষেত্ৰত যদি কাৰোবাৰ আপত্তি থাকে তেন্তে অহা ১৫ দিনৰ ভিতৰত পৌৰ নিগমৰ আয়ুক্তক জনাবলৈ কোৱা হৈছে।
লগতে পঢ়ক – মঙলদৈ জলসিঞ্চন বিভাগৰ চৰকাৰী আবাসগৃহ বেদখল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ