গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন ৩১ মাৰ্চৰ দিনটো প্ৰতিবছৰে ৰাজ্যত ‘ছাত্ৰ দিৱস’ হিচাপে পালন কৰা হ’ব৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে, “বড়ো সম্প্ৰদায়ৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সৱলীকৰণৰ দিশত বডোফা অৱদানক সন্মান জনাই আমাৰ চৰকাৰে প্ৰতি বছৰে ৩১ মাৰ্চত তেওঁৰ জন্মদিনটোক ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে।”
মৰণোত্তৰভাৱে ‘বডোফা’ (বড়োসকলৰ অভিভাৱক) উপাধিৰে সন্মানিত ব্ৰহ্মাৰ ১৯৯০ চনত ৩৪ বছৰ বয়সত এক মাৰাত্মক ৰোগত মৃত্যু হয়।
বডোফাৰ সমাধিস্থলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা৷ সমাধিস্থল আটকধুনীয়াকৈ সজোৱাৰ বাবে মুঠ দহ কোটি টকা খৰছ কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বডোফাৰ সমাধিস্থলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুঠ দহ কোটি টকা ব্যয় কৰিব। ৮ কোটি দিব ৰাজ্য চৰকাৰে আৰু দুই কোটি দিব BTR চৰকাৰে।
উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন দিনটোত মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ গৌৰাং সাংস্কৃতিক কমপ্লেক্সত বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় উদ্বোধন কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মাইক্ৰব্লগিং ছাইটত লগতে লিখিছিল, “ই বিটিআৰ কৰ্মচাৰীসকলৰ মাজত প্ৰশাসনিক কৌশল উন্নত কৰাত সহায় কৰিব আৰু তেওঁলোকক প্ৰশাসনৰ কেইবাটাও দিশত প্ৰশিক্ষণ দিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণক্ষেত্ৰও পৰিদৰ্শন কৰে আৰু সময়মতে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে গাওঁ পৰিষদ উন্নয়ন সমিতি (ভিচিডিচি) ভৱন আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) সদস্যসকলৰ বাবে আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে।