গুৱাহাটী: ৰাজ্যত ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ক’ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

অহা ১৫ ফেব্ৰুৰাৰীৰ পৰা ক’ভিডৰ বাবে ৰখা সকলো নিষেধাজ্ঞা উঠাই লোৱা হ’ব বুলি সোমবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয় যে অহা ২ মাহত ৰাজ্যত বিদ্যালয় সমূহৰ ব’ৰ্ড পৰীক্ষা, পৌৰসভাৰ নিৰ্বাচন আৰু মাজুলী বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

ব’ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ্থীসকলে ক’ভিডৰ দুই পালি প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক বুলি মুখ্য মন্ত্ৰীয়ে লগতে কয়।

ইয়াৰ উপৰি নৈশ সান্ধ্যআইন উঠাই দিয়াৰ লগতে শ্বপিং মল, ছবি গৃহ আদি সম্পূৰ্ণৰূপে খুলিব পাৰিব। আনহাতে বিবাহ অনুষ্ঠান সমূহো গোটেই নিশা ধৰি চলিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে অথিতিসকল ডাবল ভেকচিনেশ্যন হোৱা বাধ্যতামূলক।

সকলো ঠাইতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

লগতে পঢ়ক – বোকাখাতত গোলাঘাট জিলা মল্লযুঁজ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply