ওদালগুৰি: মঙলবাৰে নিশা ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু ঘটে।
প্ৰাপ্ত তথ্য মতে, মাজবাট মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ নিজৰা অঞ্চলৰ কমলাবাৰী গাঁৱত মঙলবাৰে নিশা এজাক বনৰীয়া হাতী প্ৰৱেশ কৰি এফালৰ পৰা তহিলং আৰম্ভ কৰে। হাতীৰ আক্ৰমণত নবীন বসুমতাৰী (৫৩), তেওঁৰ পত্নী যামিনী বসুমতাৰী (৩৩) আৰু ১৮ মহীয়া সন্তান নিহত হয়।
ধাননী পথাৰ আৰু মানুহৰ ঘৰ-বাৰী এফালৰ পৰা ভাঙি নিয়া হাতীৰ জাকটোৰ পৰা বাচিবলৈ নবীন বসুমতাৰীৰ পৰিয়ালটোৱে পলাবলৈ চেষ্টা কৰিছিল যদিও হাতীৰ আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিব নোৱাৰিলে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
অৱশ্যে নিজৰা বসুমতাৰী নামৰ এগৰাকী ৭ বছৰীয়া ছোৱালীয়ে কোনো মতে বনৰীয়া হাতীৰ জাকটোৰ পৰা নিজকে ৰক্ষে কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে যোৱা উদালগুৰি জিলাত হাতী-মানুহৰ সংঘাত এক দিৰ্ঘদিনীয়া সমস্যাত পৰিণত হৈছে। চৰকাৰী হিচাপ মতে ২০১০ চনৰ পৰা ২০১৯ চনলৈ জিলাখনত হাতী-মানুহৰ সংঘাতৰ ফলত ১৫৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬২ টা হাতী নিহত হৈছে।
এই সময়খিনিত জিলাখনত বনৰীয়া হাতীয়ে ৪,৯৭৮ টা ঘৰ ভঙাৰ লগতে ২,১৪৩ হেক্টৰ শস্য নষ্ট কৰিছে।
লগতে পঢ়ক – Viral : ১২ফুট দীঘল কিং কোব্ৰাৰ লগত যুৱকৰ খেলা