কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ৰঙামাটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এখন টোল গে’ট স্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবাসীৰ মূৰত টোল কৰৰ নামত পুনৰ ৰামটাঙোন দিবলৈ আগবঢ়া কাৰ্যক সচেতন মহল আৰু বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ।

গুৰুত্বপূৰ্ণ বিষয় যে বৰ্তমান সময়ত নুমলীগড় পৰা ডিব্ৰুগড়লৈ প্ৰায় ৭ টা বছৰে লেহেমীয়া গতিত নিৰ্মাণ কৰি থকা চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ কাম নুমলীগড়ৰ পৰা দেৰগাঁওলৈ প্ৰায় ২৫ কিলোমিটাৰ পথৰ কাম প্ৰায় ৭০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হৈছে যদিও ঠায়ে ঠায়ে বিসংগতিপূৰ্ণ কাম কৰিছে নিৰ্মাণ কাৰী সংস্থা এ চি চিয়ে। কিয়নো নিৰ্মাণ সংস্থাটোৱে কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পাৰঘাট অঞ্চলৰ ধনশিৰি ধাবাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজত এটা প্ৰকাণ্ড গাঁত সৃষ্টি হৈ প্ৰায়ে সৰু বৰ যানবাহন দুৰ্ঘটনাত পতিত হৈ আহিছে ।

ইফালে চাৰিলেনযুক্ত পথটোত চাইদ বামত শিল মাটিৰে নিৰ্মাণ কৰিব লাগে যদিও বহু ঠাইত, কমকৈ মাটি শিল পেলাই বিসংগতিপূৰ্ণ ভাৱে চাইড বাম নিৰ্মাণ কৰাৰ ফলটো বহুতো দুৰ্ঘটনা সংঘটিত হৈছে । আনহাতে বনগাঁও অঞ্চলত এন এছ পি ডি চি এলৰ বিভাগীয় বিষয়া অভিযন্তাৰ চুড়ান্ত হেমাহিৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা এ চি চিয়ে অবিজ্ঞান সন্মতভাৱে দুটা পকী পুল নিৰ্মাণ কাম শেষ কৰিলে যদিও বৃহত্তৰ অঞ্চলটোৰ কৃষিজীৱি গঞাৰ শালিধান ৰোপনৰ,সময়ত পানী হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়।

আনহাতে এইসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত বাৰম্বাৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে যদিও গা লৰা নাই চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ সংস্থাৰ কতৃপক্ষ। আনহাতে নুমলীগড়ৰ পৰা ৰঙামাটিলৈ প্ৰায় ২০ কিলোমিটাৰ পথ নিৰ্মাণত বহু স্থানত আছে বিসংগতি। যাৰ ফলত বিসংগতিপূৰ্ণ স্থান সমূহত প্ৰায়ে সংঘটিত হৈ আহিছে সৰু  বৰ পথ দুৰ্ঘটনা ।

তাৎপৰ্যপূৰ্ণ বিষয় যে নুমলীগড়ৰ পৰা ৰঙামাটিলৈ প্ৰায় ২০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰিয়েই  খুমটাই সমষ্টিৰ ৰঙামাটিত টোল গে’ট স্থাপন কৰি ৰাইজৰ মূৰত মাধমাৰ দিবলৈ আগবাঢ়িছে পৰিবৰ্তনকামী বিজেপি চৰকাৰ । ইফালে ৰাজ্যৰ সচেতন মহল বিভিন্ন দল সংগঠনে ৰঙামাটি অঞ্চলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টোল গে’ট স্থাপনৰ বিৰোধীতা কৰি আহিছে যদিও বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰঙামাটিৰ টোল গে’টৰ কাম প্ৰায় ৬০ শতাংশ সম্পূৰ্ণ কৰিছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণকাৰী সংস্থাই নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈকে সম্পূৰ্ণ পথটো নিৰ্মাণৰ কাম ৬০ শতাংশ  কৰিব পৰা নাই যদিও টোল কৰ সংগ্ৰহৰ বাবে পূৰ্ণগতিত টোল গে’ট নিৰ্মাণৰ কাম কৰি আছে।

উল্লেখ্য যে প্ৰায় ৭ টা বছৰে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ কাম কৰিব নোৱাৰা নিৰ্মাণকাৰী সংস্থাটোৱে আৰু কিমান বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কাম শেষ কৰিব সেইয়া সময়তহে লক্ষণীয় হ’ব । ইফালে আগন্তুক তিনিটা মাহৰ ভিতৰত ৰঙামাটিৰ টোল গে’টৰ কাম সম্পূৰ্ণ কৰি কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰ জিলাৰ জাঁজি আৰু ডিমৌ মাজত চাৰিলেণ্ডযুক্ত পথৰ ওপৰত আৰু এখন টোল গে’ট শীঘ্ৰেই নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰে চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ কথা নাভাবি অসম্পূৰ্ণ পথতে  টোল কৰ সংগ্ৰহ নামত ৰাইজক জলা কলা খুৱাই আহিছে বুলি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে । গুৰুত্বপূৰ্ণ বিষয় যে টোল গে’ট স্থাপন হোৱাৰ লগে লগে যাত্ৰীবাহী,মালবাহী লগতে সৰু বৰ প্ৰতিখন বাহনৰ টোল কৰ দিবলগীয়া হোৱাত সৰ্বসাধাৰণ ৰাইজৰ যথেষ্ট ক্ষতিগ্ৰস্ত হয়।

যাৰ ফলত বাছভাড়া,সামগ্ৰীৰ ভাড়া বৃদ্ধি ফলত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হয়। এইসমূহ সমস্যাৰ বাবে ৰাজ্যৰ অন্যান্য স্থানত থকা টোল গে’টৰ বাবে ৰাইজে জলাকলা খাই আহিছে। কিন্তু এইসমূহ বিষয়কলৈ কোনো গুৰুত্ব প্ৰদান নকৰি ৰাজহ সংগ্ৰহৰ নামত পুনৰ ৰাজ্যত টোল গে’ট স্থাপন কৰিবলৈ আগবঢ়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এনে কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত।

লগতে পঢ়ক-

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply