নিউজ ডেস্কঃ পুনৰ ৰাইজৰ মূৰত মাধমাৰ সোধাবলৈ সাজু চৰকাৰ।
সোণাপুৰ আৰু ৰহাৰ দুখন টোলগেটৰ বিপৰীতে দেৰগাঁৱৰ আশে পাশে তৃতীয়খন টোলগেট বহুৱাবলৈ সাজু হৈছে চৰকাৰ ।
এফালে টোলগেট আঁতৰোৱাৰ বাবে যোজা আনফালে দেৰগাঁৱত তৃতীয়খন টোলগেট বহুৱাই উজনিমুৱা যাত্ৰীক মাধমাৰৰ প্ৰস্তুতি।
অসমত টোলগেট বন্ধ কৰাৰ প্ৰতিবাদ চলি থাকোতেই তামিলনাডু চৰকাৰে তামিলনাডুৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।
লগতে পঢ়কঃকাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণত একাংশ ৰাইজৰ
অতি শীৰ্ঘ্ৰেই ৰাজ্য খনত বন্ধ কৰি দিব ৩২খন টোলগেট। তামিলনাডুৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ই ভি ভেলুৱে কয় যে মাত্ৰ ১৬ খন টোল গেটৰহে প্ৰয়োজন গতিকে বাকী সমূহ বন্ধ কৰি দিয়া হ’ব আৰু নিয়ম অনুসৰি টোলগেট সমূহৰ মাজত দুৰত্ব ৬০ কিলোমিটাৰ হ’ব লাগে।
ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্য খনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৪৮ টা টোল প্লাজাৰ ভিতৰত ৩২ টা বন্ধ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।