দেওবাৰে নিশা হোজাইৰ ডবকা টোলগেটত এক মাৰপিটৰ ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ জামগুৰি মৌ কুঁহি বিহুৱা দলক টোলগেটৰ কৰ্মচাৰীসকলে আক্ৰমণ কৰে।
নিশা হোজাই জিলাৰ কাকিত অনুষ্ঠান সামৰি ডবকা টোলগেত পাইছিল বিহুৱা দলটো।
দলটোত থকা বিহুৱতী অংকুৰিমা বৰদলৈ লগতে কেইবাজনো বিহুৱাক মাৰপিট কৰাৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি টোলগেটত নিৰ্ধাৰিত মূল্যতকৈ অধিক ধন দাবী কৰিছিল টোলগেটৰ কৰ্মচাৰীয়ে।
ইয়াৰ বিৰোধিতা কৰাৰ বাবেই বিহুৱা দলটোক গুৰুলা গুৰুলকৈ মাৰপিট কৰাৰ লগতে তেওঁলোক উঠি অহা বাহনখনো ক্ষতিসাধন কৰে টোলগেটৰ একাংশ সুৰামত্ত কৰ্মচাৰীয়ে।