মঙলদৈ: ৰাজ্যত যথেষ্ট সক্ৰিয় হৈ উঠিছে মানৱ সৰবৰাহ চক্ৰ। অলপতে দৰং আৰক্ষীয়ে এক অভিযান চলাই তামিলনাডুৰ পৰা উদ্ধাৰ কৰে অসমৰ তিনিগৰাকী নিৰুদিষ্ট কিশোৰী।

দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই এক সংবাদমেল সম্বোধন কৰি জনোৱা মতে যোৱা ১৩ আগষ্টত দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চিকোনমাটিৰ এখন ব্যক্তিগত বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰী সন্ধানহীন হৈছিল।

পিছত এগৰাকী অভিযুক্তৰ নাম উল্লেখ কৰি দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে এক গোচৰ (285 / 2022) ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

তামিলনাডুৰ আৰক্ষীৰ সহযোগত চলোৱা উক্ত অভিযানত যোৱা ১৫ আগষ্টত আৰক্ষীয়ে ৰাজ্যখনৰ পৰা কিশোৰী কেইগৰাকীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দলগাওঁ থানাৰ অন্তৰ্গত আমিজুল হ’ক(২৭) আৰু ৰৌতা থানাৰ অন্তৰ্গত বাবু আলি (২৫) নামৰ দুজন সৰ্বৰাহকাৰীয়ে কিশোৰী কেইগৰাকীক তামিলনাডুলৈ অপহৰণ কৰি লৈ গৈছিল।

আৰক্ষীয়ে ইতিমধ্যে বাবু আলিক তামিলনাডু আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে যদিও আনজন অভিযুক্ত (আমিজুল হ’ক)-ক এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।

কিশোৰী কেইগৰাকীক তেওঁলোকৰ অভিভাৱকৰ সৈতে যোৱা আৰক্ষীৰ এটা দলে তামিলনাডুৰ তিৰুভেল্লু জিলাৰ পৰা উদ্ধাৰ কৰি অসমলৈ ওভতাই অনাৰ ব্যৱস্থা কৰে।

ধৃত বাবু আলিক আৰক্ষীয়ে ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ লগতে পলাতক অৱস্থাত থকা আনজন অভিযুক্ত আটক কৰিবলৈ অভিযান আৰম্ভ কৰা বুলি দৰঙৰ আৰক্ষী অধীক্ষকে জনায়।

লগতে পঢ়ক – ধেমাজিৰ জোনাইত হাতী দাঁতসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply