কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু দিচৈপৰীয়া উন্নয়ন সমিতিৰ সহযোগত আজি বংকোৱাল চিত্ৰকলা বিদ্যালয়ত এপাৰ্টৰ অধীনত এখন কৃষি কৰ্মশালা অনুষ্ঠিত হয়।

বৃহত্তৰ অঞ্চলটোৰ ৩০ জন কৃষকে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত শইচৰ উন্নত বীজ উৎপাদন আৰু সংৰক্ষণ পদ্ধতি সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ আগবঢ়োৱা হয়।

দিচৈপৰীয়া উন্নয়ন সমিতিৰ সম্পাদক জয়ন্ত মাধৱ মৰাঙে উদ্দেশ্য ব্যাখ্যা কৰা কৰ্মশালাটোত উদ্ধোধনী ভাষণ আগবঢ়ায় সমাজকৰ্মী শ্ৰীযুত সুৰেশ বৰিয়ে।

খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা শস্য ৰক্ষা বিভাগ বিশেষজ্ঞ সংযুক্তা শইকীয়া, অংকীতা চাহু, কনিষ্ঠ গৱেষক আন্তঃজাৰ্তিক ধান গৱেষণা কেন্দ্ৰ পাপৰী বৰা, এপাাৰ্ট প্ৰকল্প সহযোগী অভিলোচন চেতিয়া, সহকাৰী প্ৰকল্প বিজ্ঞানী আদিয়ে প্ৰশিক্ষণ আগবঢ়ায় ।

আজি এই প্ৰশিক্ষণ কৰ্মশালাৰ পৰা স্থানীয় কৃষক সকল যথেষ্ট উপকৃত হ’ব বুলি কৃষি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰে।

লগতে পঢ়ক – গেৰুকামুখত এন এইচ পি চি মূল বান্ধত উত্তপ্ত পৰিস্থিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply