গুৱাহাটী: বহিঃ ৰাজ্যত পঞ্জীয়ণভূক্ত হৈ অসমত বিনাদ্বিধাই চলি থকা যান-বাহনৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰৰ পৰিবহণ বিভাগ৷

ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বহিঃ ৰাজ্যত পঞ্জীয়নভূক্ত হৈ অসমত চলি থকা যান-বাহনৰ গৰাকীসকলক জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহত যান-বাহন আইন ১৯৮৮ৰ ৪৭নং ধাৰা, যানবাহন বিধি ১৯৮৯ৰ ৫৪নং বিধি অনুসৰি পূণৰ পঞ্জীয়ন কৰিহে চলাবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ অন্যথা এনেকুৱা বাহনৰ বিৰুদ্ধে শীঘ্ৰে তীব্ৰ অভিযান চলিব বুলি তেওঁ সকীয়াই দিয়ে ৷

তদুপৰি যিসকল বৃহৎ আৰু বহুজাতিক উদ্যোগ আৰু নিৰ্মাণ প্ৰতিষ্ঠানে অসমত ব্যৱসায় বাণিজ্য চলাই থকাৰ পিছতো তেওঁলোকৰ বাহনসমূহ মেঘালয়, নাগালেণ্ড, মনিপুৰ, ত্ৰিপুৰা, মিজোৰামকে ধৰি অনান্য ৰাজ্যত পঞ্জীয়নভূক্ত হৈ আছে সেইসমূহ বাহনৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে অনাগত দিনত যান বাহনৰ বিধি অনুসৰি বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ’ব বুলি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে মন্তব্য কৰে৷

লগতে পঢ়ক – Fact-Check: Nancy Pelosi-ৰ শেহতীয়া টাইৱান ভ্ৰমণ আৰু ‘মাৰ্কিন যুদ্ধ বিমান’ৰ এক বিশেষ Video!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply