গুৱাহাটী: স্কুল বাছৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ বিভাগ। এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী, বেচৰকাৰী সকলো স্কুল বাছতে চি চি টিভি কেমেৰা সংযোগ থাকিব লাগিব, এই নিৰ্দেশ ৰাজ্যৰ পৰিবহণ বিভাগৰ।
সোমবাৰে পৰিবহণ বিভাগে চৰকাৰী, বেচৰকাৰী সকলো বিদ্যালয়লৈ স্কুল বাছৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া একাধিক নিৰ্দেশাৱলী জাৰি কৰে।
সেই অনুসৰি এতিয়াৰে পৰা প্ৰত্যেকখন স্কুল বাছৰ ভিতৰত চি চি টিভি কেমেৰা সংযোগ কৰিব লাগিব। ইয়াৰ উপৰি স্কুল বাছ আৰু ভেনসমূহ সম্পূৰ্ণ হালধীয়া ৰঙৰ হ’ব লাগিব আৰু বাহনৰ আগফাল আৰু পিছফালে ‘School Bus’ বুলি লিখা থাকিব লাগিব। যদিহে ভাড়াত লোৱা বাহন হয় তেতিয়া ‘On School Duty’ বুলি লিখা থাকিব লাগিব।
কামৰূপ মহানগৰৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে এই কথা সদৰী কৰি কয় যে উক্ত নিৰ্দেশ অমান্য কৰা সকলৰ ওপৰত ১০,০০০ টকাৰ জৰিমণা বিহা হ’ব। ”স্কুল বাছত যাত্ৰা কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয় কেতবোৰ গাইডলাইন ঠিক কৰি দিয়াৰ লগতে শিশুৰ অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগেও কেতবোৰ নিৰ্দেশাৱলী জাৰি কৰিছে। সকলো বিদ্যালয় কৰ্তৃপক্ষই এই নিৰ্দেশসমূহ মানি চলিব লাগিব,” তেওঁ কয়।
দাসে জনোৱা মতে, বাহনসমূহত এটা ফাৰ্ষ্ট-এইড বক্স আৰু এটা জুই নুমুওৱা জন্ত্ৰ থাকিব লাগিব। বাছখনত বিদ্যালয়খনৰ নাম আৰু ফোন নম্বৰ লিখা থাকিব লাগিব তথা বাছৰ দুৱাৰত এটা নিৰ্ভৰযোগ্য তলা থকাৰ লগতে আসন সমূহৰ মাজত স্কুল বেগ ৰাখিব পৰাকৈ পৰ্য্যাপ্ত জাগা থাৰিব লাগিব।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৪ খন জিলাৰ ৩৪ খন গাঁও জলমগ্ন হৈ আছে