নিউজ ডেস্কঃ প্ৰদূষণ মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ আগষ্ট মাহত CNG আৰু ইলেক্ট্রিক বাহন ক্ৰয়ৰ কৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পিছৰেই পৰা অসমৰ পৰিবহন বিভাগে CNG বাছ সমূহ ক্ৰয় কৰি আছে।

কিন্তু অসম পৰিবহন বিভাগটোৱে বাছ কিনাৰ অনুপাতে বৰ্তমান লৈকে লাভবান হ’ব পৰা নাই। লোকচানৰ হে সন্মুখীন হৈছে পৰিবহন বিভাগটো। দেওবাৰে মহানগৰীৰ ভি আই পি ৰোডৰ বৰবাৰীৰ বিমল কাৰ্ছৰ নতুন ডিলাৰশ্বিপ মুকলি কৰি এইদৰে সংবাদমাধ্যমৰ আগত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়।

লগতে তেওঁ কয়, ৰাজ্যত এতিয়া প্ৰতিদিনে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। বৈদ্যুতিক বাহন প্রদূষণমুক্ত হয় ৷ ইলেক্ট্রিক বাহনে সমাজ, ৰাষ্ট্ৰক উপকৃত কৰিব ।

পৰিবহন বিভাগটো নতুন কৈ ক্ৰয় কৰা এনে বাছৰ পৰা বৰ্তমান লোকচানৰ সন্মুখীন হৈ আছে। নতুনকৈ চি এন জি বাছ লোৱা হৈছে যদিও লাভান্বিত হ’ব পৰা নাই যদিও লোকচান কমাই আনিবলৈ চেষ্টা কৰা হৈছে , মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখযোগ্য যে, পৰিবহন মন্ত্ৰী গৰাকীয়ে কয় যে, চলিত বিত্তীয় বৰ্ষত ১৫০০ কোটি টকা কৰ সংগ্ৰহৰ লক্ষ্য লৈছে ৰাজ্যিক পৰিবহন বিভাগে। বিগত বিত্তীয় বৰ্ষত বিভাগটোৱে 1,350 কোটি টকা কৰ সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক – APDCL য়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply