নিউজ ডেস্ক : অসম চৰকাৰে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভিতৰত পৰা মাটিৰ হস্তান্তৰকৰণৰ অধিকাৰ জিলা দুখনৰ উপায়ুক্তক প্ৰদান কৰা সিদ্ধান্ত উঠাই ল’বলৈ দাবী জনাইছে ১৪ টা জনজাতীয় সংগঠনে।  

ৰাজ্যৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি (Coordination Committee of the Tribal Organisations of Assam -CCTOA)ৰ বেনাৰত ১৪ জনজাতীয় সংগঠনে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবী তুলিছে।

অন্যথা অহা ২২ নৱেম্বৰত প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত CCTOA –এ ধৰ্ণা প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকিয়াই দিয়ে।

উল্লেখযোগ্য যে যোৱা ৪ নৱেম্বৰত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক কেবিনেট বৈঠকত কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলা দুখনত ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে উপায়ুক্তই ট্ৰাইবেল বেল্ট আৰু ব্লকত থকা মাটি হস্তান্তৰ কৰিব পাৰিব বুলি এক নিয়ম অনা হৈছিল।

সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰিয়ে চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি কয়, ‘মুৰ্কচেলেং আৰু সদিয়াৰ ট্ৰাইবেল বেল্টৰ পিছত চৰকাৰে দক্ষিণ কামৰূপৰ ট্ৰাইবেল ব্লকৰ ওপৰত চকু দিছে। চৰকাৰক আমি কেবিনেট সিদ্ধান্ত উঠাই ল’বলৈ দাবী জনাইছো। তদুপৰি ট্ৰাইবেল বেল্ট তথা ব্লকত থকা জনজাতীয় লোকৰ বাবে সংৰক্ষিত কোনো মাটি যাতে অজনজাতীয় লোকৰ হাতত নপৰে তাৰ চৰকাৰক আমি এখন প্ৰস্তাৱ গৃহীত কৰিবলৈ আহ্বান জনাইছো।’

উল্লেখযোগ্য যে কেবিনেটে ভূমি নীতি ২০১৯-ৰ ১৭.৫ নং দফা গুচাই দিয়াৰ সিদ্ধান্ত লৈছে। যাৰ ফলত কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ দুখনৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত মাটি হস্তান্তৰকৰণৰ ক্ষেত্ৰত পূৰ্বৰ দৰে এতিয়া চৰকাৰৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাথাকিব।

CCTOA –এ চৰকাৰৰ উক্ত সিদ্ধান্ত সম্পূৰ্ণ বিৰোধিতা কৰে বুলি উল্লেখ কৰি খাকলাৰিয়ে লগতে কয় যে তেওঁলোকে চৰকাৰে গোৰ্খাসকলক সংৰক্ষিত শ্ৰেণী হিচাপে স্বীকৃতি দিয়া সিদ্ধান্তৰো বিৰোধিতা কৰে।

সদৌ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খন্দয়েও ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক চোকা ভাষাৰে সমালোচনা কৰি কয় যে চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত বিভিন্ন উপায়েৰে জনজাতীয় লোকসকলৰ পৰা মাটি সৰকাই নিয়াটো অধিক সহজ হৈ পৰিব।

লগতে পঢ়ক :  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply