নিউজ ডেস্কঃ কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীয়ে চলাইছে অভিযান। সীমান্তৰ চুৰাইবাৰীত চলিছে এই অভিযান।
আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমানৰ ফেন্সিডাইল। ফেন্সিডাইল কঢ়িয়াই অনা ট্ৰাকখনৰ নম্বৰ এএছ ০১ এইচচি ৬৬৬৯।
জানিব পৰা মতে, ট্ৰাকখনৰ পৰা জব্দ কৰা হৈছে ২০ বস্তাকৈ ফেন্সিডাইল। আৰু জব্দ কৰা ফেন্সিডাইলখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা।
উল্লেখ্য যে, গুৱাহাটীৰ পৰা আগৰতলালৈ নিব বিচৰা হৈছিল ফেন্সিডাইলখিনি । আৰু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ফেন্সিডাইলৰ লগতে আটক কৰিচে দুজনক।