নিউজ ডেস্ক: দেওবাৰে কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত এখন ট্ৰাকে ঘাইপথ পাৰ হোৱা অৱস্থাত এটা গঁড়ক খুন্দিয়াই আহত কৰে।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰত উক্ত দুৰ্ঘটনাৰ চিচি টিভি ভিডিঅ’ ফুটেজ শ্বেয়াৰ কৰি গঁড়টোক খুন্দা মৰা ট্ৰাকখনৰ ওপৰত জৰিমনা বিহা হৈছে বুলি জানিবলৈ দিয়ে।

তদুপৰি এনে দুৰ্ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰেৰে ৩২ কিঃমিঃ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম হাতত লৈছে বুলি তেওঁ লগতে কয়।

১০ ছেকেণ্ডৰ ভিডিঅ’টোত এটা গঁড়ক ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন ট্ৰাকে খুন্দিয়াই যোৱা দেখা যায়। খুন্দা খাই গঁড়টো পৰি গৈছিল যদিও খন্তেক পিছতে পুনৰ উঠি হাবিলৈ সোমাই যায়।

এগৰাকী বন বিষয়াই জনোৱা মতে দুৰ্ঘটনা সংঘটিত হোৱা হালধিবাৰী এনিমেল কৰিডৰত স্পীড লিমিট প্ৰতি ঘণ্টাত ৪০ কিঃমিঃ যদিও ট্ৰাকখনে প্ৰতি ঘণ্টাত ৫২ কিঃমিঃ বেগত গৈ আছিল।

ঘটনাটো সংঘটিত হোৱা হলদিবাৰী কৰিডৰত গতিৰ সীমা প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ কিন্তু ট্ৰাকখনে প্ৰতি ঘণ্টাত ৫২ কিলোমিটাৰ বেগত গতি কৰি আছিল, এজন বন বিষয়াই জনায়।

বন বিভাগে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখন বাগৰি আৰক্ষীৰ সহযোগত জব্দ কৰি ৫ হাজাৰ টকাৰ জৰিমণা বিহাৰ লগতে গোলাঘাট জিলা পৰিবহণ বিভাগে ট্ৰাকখনৰ ওপৰত ৪ হাজাৰ টকাৰ জৰিমণা বিহে।

লগতে পঢ়ক – পুনৰ ৰাইজৰ মূৰত ৰামটাঙোনঃ বৃদ্ধি পালে চিটী বাছৰ ভাড়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply