নিউজ ডেস্ক : হোজাই জিলাৰ ট্ৰাক চালকৰ দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত জিলাখনত ট্ৰাকৰ চলাচল ব্যাহত হৈ পৰিছে।

উল্লেখযোগ্য যে যোৱা দুদিন ধৰি হোজাই জিলাৰ ট্ৰাক পৰিবহণ ইউনিয়নে নতুনকৈ গঠন কৰা হোজাই জিলাৰ অগ্ৰগামী মালবাহী ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ সম্পাদক নিজাম উদ্দিনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

ট্ৰাক পৰিবহণ ইউনিয়নৰ সদস্য সকলে হোজাই আৰক্ষী চকী আৰু এফ চি আই গুদামৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকৰ দাবী অতি সোনকালে নিজামক গ্ৰেপ্তাৰ কৰিব লাগে, ইয়াৰ অন্যথা ট্ৰাক ড্ৰাইভাৰ পৰিবহণ ইউনিয়নৰ সদস্যসকলে গাড়ী চলাচলৰ পৰা বিৰত থাকিব বুলি সকিয়াই দিছে।

ট্ৰাক ড্ৰাইভাৰ পৰিবহণ ইউনিয়নে নিজামৰ বিৰুদ্ধে ধন দাবী আৰু ড্ৰাইভাৰসকলৰ পত্নী সকলক লৈ অশ্লীল মন্তব্য কৰাৰ অভিযোগ আনি হোজাই থানাত এজাহাৰ দাখিল কৰে।

হোজাই থানাত পূৰ্বেও তেওঁ বিৰুদ্ধে অৱগত কৰিছিল যদিও আজি উপায়অন্তৰ হৈ তেওঁ বিৰুদ্ধে ইউনিয়নৰ ফালৰপৰা এখন এজাহাৰ দাখিল কৰে।

আনহাতে আৰক্ষীক বহুবাৰ জনোৱাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্ৰত ব্যৱস্থা লোৱা নাই বুলি ট্ৰাক ড্ৰাইভাৰ পৰিবহণ ইউনিয়নে অভিযোগ কৰে।

বিষয়টোৰ এক সমাধান নোহোৱালৈকে হোজাই জিলা ট্ৰাক পৰিবহন শ্ৰমিক সন্থাই ট্ৰাক নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পঢ়ক : লখিমপুৰত কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ বি জে পি কৰ্মীৰ মৃতদেহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply