বোকাখাত, উত্তম কুমাৰ শৰ্মা: মঙলবাৰে বোকাখাত আৰক্ষীয়ে গঁড়ৰ খড়্গসহ দুজন লোকক আটক কৰে।
প্ৰাপ্ত তথ্য মতে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে বোকাখাতৰ ম’হমাইকী গাঁৱৰ ভক্ত বাহাদুৰ থাপা নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই গঁড়ৰ খড়্গটো জব্দ কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ হোৱা খড়্গটোৰ ওজন ২.৩৫২ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে।
আনহাতে ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে অভিযান চলাই বোকাখাত আমটেঙা গাঁৱৰ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তে নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে ভক্ত বাহাদুৰ থাপা নামৰ লোকজন পূৰ্বৰ পৰাই কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত৷
ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বোকাখাত আৰক্ষীয়ে ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত গঁড় হত্যা বহু পৰিমানে নিয়ন্ত্ৰণলৈ আহিছে যদিও মঙলবাৰে পুনৰ গঁড়ৰ খড়্গ উদ্ধাৰ হোৱা ঘটনাই উদ্যান কৰ্তৃপক্ষক চিন্তিত কৰি তুলিছে।
লগতে পঢ়ক – ছেপ্টেম্বৰ মাহত ১৩ দিন বন্ধ থাকিব বেংক; শীঘ্ৰেই কৰি লওক গুৰুত্বপূৰ্ণ কামসমূহ