ধেমাজি, অংকুৰ নৰহ: ধেমাজিত বিগত পাঁচ দিন ধৰি একেটা পৰিয়ালৰ দুটিকৈ শিশু সন্ধানহীন হৈ আছে। শিশু দুটিৰ ঘৰ হাবুং বৰআজোহাৰত যদিও তেওঁলোকে বৰদলনি বৰবামৰ আইতাকৰ‌ ঘৰত থাকি‌ পঢ়া-শুনা কৰি আছিল।

শিশু দুটিৰ আইতাকে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে যোৱা ১০ ডিচেম্বৰৰ পৰা ককাই-ভাই দুয়ো নিৰুদিষ্ট হৈ আছে। সেই সময়ত ককাক-আইতাক পথাৰত আৰু বায়েক বিদ্যালয়ত থকাৰ বাবে ঘৰটোত আন কোনো লোক নাছিল বুলি আইতাক ফুলমাই গোহাঁয়ে জানিবলৈ দিয়ে।

শিশু দুটিৰ মাক কৰ্মসূত্ৰে কেৰেলাত থাকে বুলি জানিবলৈ দি ঘৰত থকা দেউতাকে সন্তান দুটিৰ চোৱাচিতা নকৰাত আইতাকে নিজৰ লগত ৰাখিছে বুলি ফুলমাই গোহাঁয়ে লগতে কয়। ককায়েক প্ৰাঞ্জল তামুলী (১১) সপ্তম শ্ৰেণীৰ ছাত্ৰ, গাৰ বৰণ বগা আৰু শকত। ভায়েক ভায়েক দীপাংকৰ তামুলী (৯), মাগুৰ বৰণৰ আৰু পাতল শিশুজন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।

বহু বিচাৰ-খোচাৰ কৰি আজি পৰ্যন্ত শিশু দুটিৰ সন্ধান নোপোৱাত ককাক গজেন গোহাঁই আৰু আইতা ফুলমাই গোহাঁইয়ে যদি কোনো লোকে শিশু দুটিৰ খবৰ‌ লাভ কৰে তেন্তে ম’বাইল নম্বৰ-6002201699-ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰে।

লগতে পঢ়ক – ফ্ৰান্স ২-০ মৰক্কো: বিশ্বকাপৰ ছেমি ফাইনেল Tactical Analysis

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply