প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক : ৰাজ্যত দিনক দিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে। বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তত বিদ্যুৎস্পৃষ্ট হৈ দুজনী মাইকী বনৰীয়া হাতীৰ মৃত্যু হয়।

শনিবাৰে বটাবাৰী বন বিষয়া কাৰ্য্যালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে সীমান্তত স্থাপন কৰা অবৈধ বিদ্যুৎপৰিবাহী ফেনচিঙত লাগি খাদ্যৰ সন্ধানত অহা হাতী দুজনীৰ মৃত্যু হয়।

শুকুৰবাৰে বটাবাৰী বন বিষয়া কাৰ্য্যালয়ৰ সমীপৰ কৈৰাবাৰী অঞ্চলত উক্ত ঘটনা সংঘটিত হোৱা বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

বনৰীয়া হাতীৰ পৰা নিজৰ খেতি বচাবলৈ বিদ্যুৎপৰিবাহী ফেনচিং স্থাপন কৰা ৰিসন দৈমাৰী নামৰ লোকজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসমৰ আন ঠাইৰ লগতে ভাৰত-ভূটানতৰ এই অঞ্চলটোত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে। চলিত বৰ্ষত বনৰীয়া হাতী বৃদ্যুৎস্পৃষ্ট হোৱা এইটো তিনি নম্বৰ ঘটনা।

লগতে পঢ়ক : শিৱসাগৰত আৰক্ষীৰ জালত পৰিল চাৰ্টাৰ্ড একাউণ্টেণ্টসহ তিনিজন চোৰাং কয়লা ব্যৱসায়ী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply