নিউজ ডেস্ক : ডিমা হাচাও জিলাৰ মাইবাঙত ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি চমুকৈ DNLA উগ্ৰপন্থীৰ প্ৰহাৰত দুজন লোকে প্ৰাণ হেৰোৱাৰ লগতে আন কেইবাজন লোক গুৰুতৰভাৱে আহত হোৱা এক ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে সোমবাৰে পুৱতি নিশা মাইবাঙৰ মনিগিপুৰ ডেজিগ্নেটেড কেম্পত DNLA গোটৰ একাংশ সদস্যই ডিমা হাচাও জিলাৰ বিভিন্ন স্থানৰ পৰা ৬ গৰাকী ব্যক্তিক অপহৰণ কৰি আনি বেয়াকৈ প্ৰহাৰ কৰে। ফলত দুজন লোকৰ মৃত্যু হয়।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকা DNLA ৰ সদস্য কেইজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে।

নিহত লোক দুজনক ৰামছেন লাংঠাছা (৪৫) আৰু বিমল গোস্বামী গুছপাটি (২৩) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ৪৬ গৰাকী কেডাৰসহ DNLA-ৰ কমাণ্ডাৰ ইন চিফে আত্মসমৰ্পন কৰিছিল।

লগতে পঢ়ক : নগালেণ্ডৰ নাৰকীয় ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply