নিউজ ডেস্ক: সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত সোমবাৰে ৰাজ্যত চাৰিজন লোকক আটক কৰাৰ পিছত মঙলবাৰে একে অভিযোগত পুনৰ অসমত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে মঙলবাৰে বজালী আৰু নলবাৰীৰ পৰা লোক দুজনক আটক কৰা হয়।

আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে বৰপেটা আৰু বজালী আৰক্ষীয়ে যুটীয়া অভিযান চলাই বজালীৰ কাৰাগাৰী গাঁৱৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

“সোমবাৰে তামুলপুৰৰ পৰা আটকাধীন এজন জেহাদীয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল। তেওঁক পিছত তদন্তকাৰী দলৰ হাতত গতাই দিয়া হয়,” বিষয়াজনে কয়।

“সোমবাৰে তামুলপুৰৰ পৰা আটক কৰা আন এজন জেহাদীয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত তেওঁক ধৰা পৰিছিল। তেওঁক তামুলপুৰৰ পৰা অনুসন্ধানকাৰী দলৰ হাতত গতাই দিয়া হৈছে,” বিষয়াজনে কয়।

ইফালে, অসম আৰক্ষীয়ে এক বিবৃতিযোগে জনাই যে ঘগ্ৰাপাৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত নলবাৰী আৰক্ষীয়ে অভিযান তলাই একেটা দিনতে আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

ঘগ্ৰাপাৰৰ চোটো আইলিয়া গাঁৱৰ পৰা আটক কৰা ২৪ বছৰীয়া যুৱকজনক বুধবাৰে আদালতত হাজিৰ কৰোৱা হ’ব বুলি বিবৃতিটোত কোৱা হয়।

আনহাতে সোমবাৰে, সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তামুলপুৰ আৰু নলবাৰী জিলাত দুজনকৈ লোকক আটক কৰা হৈছিল।

উল্লেখযোগ্য যে আল-কায়েদা (AQIS) আৰু Ansarullah Bangla Team (ABT)-ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ৰাজ্যত মুঠ ৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, ইয়াৰ ভিতৰত বহু কেইজন মাদ্ৰাছাৰ শিক্ষকো আছে।

লগতে পঢ়ক – আৰক্ষী থানাতে অভিযুক্তৰ আত্মহত্যা:কৰ্তব্যৰত আৰক্ষীক নিলম্বন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply