প্ৰতিনিধিত্বমূলক ফটো

ৰূপহীহাট : দেওবাৰে নিশা নগাঁও জিলাৰ জুৰীয়াৰ সমীপৱৰ্তী গনেশটাপু অঞ্চলত বনৰীয়া হাতীয়ে যথেষ্ট উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোৰ দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে, লাহৰীঘাটৰ পৰা আত্মীয়ৰ ঘৰত ফুৰিবলৈ অহা যুৱক দুজনে নিশা পুনৰ লাহৰীঘাটলৈ উভতাৰ পথত লুইতৰ বালিৰচৰত বনৰীয়া হাতীৰ সন্মূখীন হয়। বাতৰি লিখা পৰ্য্যন্ত যুৱক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

হাতীৰ আক্ৰমণত যুৱক দুজনৰ হাত, ভৰি আৰু ককাল ভাঙে, পিছত ৰাইজে মূমূৰ্ষ অৱস্থাত গুৰুতৰভাৱে আহত যুৱক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

উল্লেখযোগ্য যে লাওখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাক এটাই সূঁতিৰপাৰৰ চৰ চাপৰি আৰু নৈ পৰীয়া অঞ্চলত নিতৌ তাণ্ডৱ চলাই আহিছে। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

লগতে পঢ়ক : বিশ্বনাথত আফগান নাগৰিকক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply