চন্দন বৰা, কমাৰগাঁও: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত খুমটাই অঞ্চলৰ সমীপৰ ভোলাগুৰি আদৰ্শ বিদ্যাপীঠ আৰু কচুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বাবে সকলো উৎফুল্লিত হৈ পৰিছে ।
আদৰ্শ বিদ্যাপীঠৰ মুঠ পৰীক্ষাৰ্থী আছিল ৩৩ গৰাকী। ইয়াৰে ২৬ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত আৰু ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ ৬ গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন আৰু ১০ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে।
আমহাতে, কচুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ ৯ গৰাকীৰ পৰীক্ষাৰ্থীৰ এগৰাকী ডিষ্টিংচন, ২ জনে ষ্টাৰ, ৩ জনে লেটাৰ নম্বৰসহ প্ৰথম বিভাগত আৰু ৩ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।
বিদ্যালয় দুখনৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বাবে শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে।
লগতে পঢ়ক – বোকাখাতত সদৌ অসম ট্ৰাইবেল ইয়ুথ লীগৰ ২১জনীয়া পূৰ্ণাংগ জিলা সমিতি গঠন