নিউজ ডেস্ক: বুধবাৰে কোকৰাঝাৰ জিলাৰ সংকোশ নদীত এখন নাও দুৰ্ঘটনাৰ ফলত দুগৰাকী মহিলা সন্ধানহীন হৈ থকাৰ লগতে আন তিনিজন লোক আহত হয়।
প্ৰাপ্ত তথ্য মতে অসম-পশ্চিমবংগ সীমান্তত পানীত উটি অহা কাঠ তুলিবলৈ যোৱাৰ সময়ত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনা সন্দৰ্ভত এগৰাকী বিষয়াই কয়, “নামনি অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত থকা বেছিভাগ নদী ভূটানৰ পৰা উৎপন্ন হয় আৰু ওপৰৰ ফালে বৰষুণ হ’লে নদীত কাঠৰ কুণ্ডা উটি আহে। মহিলাসকলে এখন সৰু নাৱত পাকঘৰত ব্যৱহাৰৰ বাবে কাঠ সংগ্ৰহ কৰিবলৈ গৈছিল।‘’
কাঠৰ উঠাই থকাৰ সময়ত নাওখন ডুবি যায় আৰু নাওখনৰ সৈতে দুগৰাকী মহিলা সন্ধানহীন হয়, বিষয়াজনে কয়।
দুৰ্ঘটনাটোত আন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আন তিনিগৰাকী মহিলাক আলিপুৰদুৱাৰৰ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ লগতে সন্ধানহীন মহিলা কেইগৰাকীক বিচাৰি জিলা প্ৰশাসন, আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
সন্ধানহীন মহিলা কেইগৰাকীক ৰমিশা খাতুন আৰু শফিয়া বিবি বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰশিলা স্থাপন কৰিব শুৱালকুছি-পলাশবাৰী সংযোগী দলঙৰ