নিউজ ডেস্ক : শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ ৰাজমাইত নিৰাপত্তা বাহিনীয়ে আজি এক যুটীয়া অভিযান চলাই সংযুক্ত মুক্তি বাহিনী অসম (আলফা) স্বাধীনত যোগদানৰ চেষ্টা চলোৱাৰ সন্দেহত দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱক দুজনক শিৱসাগৰ জিলাৰ নাওজানৰ কুকিল কাঞ্চন ফুকন (৩১) আৰু ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ মানস গগৈ (২৯) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে যুৱক দুজনক অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ এটা যুটীয়া দলে গ্ৰেপ্তাৰ কৰে। বাতৰি যুগুত কৰাৰ সময়ত যুৱক দুজনক জেৰা চলাই থকা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকে।

আৰক্ষীয়ে যুৱক দুজনৰ পৰা এখন টাটা ইণ্ডিগো বাহন জব্দ কৰা বুলি জানিবলৈ দিয়ে।

আনহাতে, যোৱা দেওবাৰে তিনিচুকীয়াৰ ৫ গৰাকী যুৱকে আলফা (স্বাধীন)ত যোগদান কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্তৰ বুজ ল’লে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply