নিউজ ডেস্ক: তিনিচুকীয়াত সোমবাৰে সেনাৰ টহলদাৰী দলৰ ওপৰত চলোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত আলফাই এই আক্ৰমণক ‘অপাৰেচন লখিপথাৰ’ হিচাপে অভিহিত কৰিছে।
২৮ নৱেম্বৰত আলফাই পালন কৰা ’প্ৰতিবাদ দিৱস’ৰ সৈতে সংগতি ৰাখি এই অভিযান চলোৱা বুলি বিবৃতিটোত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)-এ সদৰী কৰে।
‘’অপাৰেচন লখিপথাৰৰ জৰিয়তে ডিগবৈ-পেঙেৰী বনাঞ্চলত ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীৰ ১৮ নং গাৰোৱাল ৰেজিমেন্টৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত দখলদাৰী বাহিনীৰ এখন Anti Mine Casspir বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুকেইজন সেনা জোৱান আহত হয়,’’ বিবৃতিটোত কয়।

উল্লেখযোগ্য সোমবাৰে পুৱা তিনিচুকীয়া জিলাৰ ডিগবৈ-পেঙেৰী পথৰ বনাঞ্চলৰ বৰপথাৰত সেনাৰ কনভয়ৰ ওপৰত উগ্ৰপন্থী গোটে আক্ৰমণ চলাইছিল।
ঘটনাৰ পিছতে সেনাই অসম আৰক্ষীৰ সৈতে অঞ্চলটোত এক যুটীয়া অভিযান চলায়। প্ৰতিৰক্ষা পিআৰঅ’ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে গুৱাহাটীত এই আক্ৰমণৰ বিষয়ে সদৰী কৰি ,নিৰাপত্তা বাহিনীৰ প্ৰতি আক্ৰমণ কৰাৰ ফলত উগ্ৰপন্থী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি দাবী কৰাৰ লগতে উক্ত আক্ৰমণত সেনাৰ কোনো লোক হতাহত হোৱা নাই বুলি কয়।
লগতে পঢ়ক – Fact-check: ইস্তানবুলৰ শেহতীয়া বিস্ফোৰণৰ বুলি পুৰণি CCTV ভিডিঅ’ ভাইৰেল