নিউজ ডেস্ক: পৰেশ বৰুৱাক মিছলীয়া আখ্যা দি আলফা স্বাধীনৰ ৰোষত পৰিছে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ। আজি বিদ্ৰোহী সংগঠনটোৱে এক প্ৰেছ বিবৃতিৰ জৰিয়তে মন্ত্ৰী গৰাকীক ক্ষমা খোজাৰ দাবী জনায়।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত আলফা স্বাধীনে তিনিচুকীয়াৰ বিধায়ক গৰাকীয়ে ‘কোনো ধৰণৰ সত্য সত্যতা বিচাৰ নকৰি প্ৰকৃত সত্যক মিছা অপ্ৰলেপ দি’ আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ বিৰুদ্ধে ‘’মিছলীয়া’ শব্দ প্ৰয়োগেৰে অপমান সূচক মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে’ বুলি কয়।

সংগঠনটোৱে কিষাণৰ উক্ত মন্তব্যক ‘অপৰাধ হিচাপে বিবেচনা’ কৰা বুলি উল্লেখ কৰি ’২৪ ঘণ্টাৰ ভিতৰত’ আলফা স্বাধীনৰ ওচৰত তেওঁক ‘ক্ষমা’ বিচাৰিবলৈ দাবী জনায়। ইয়াৰ অন্যথা সমগ্ৰ ‘তিনিচুকীয়া-ডিব্ৰুগড়’ জিলাত তেওঁক ‘নিষিদ্ধ ঘোষণা’ কৰা হ’ব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে নগাঁৱত সংবাদ মাধ্যমৰ আগত পৰেশ বৰুৱাই অসমৰ ৰাইজৰ আগত বহুবাৰ মিছা কথা কৈছে বুলি মন্তব্য কৰে।

লগতে পঢ়ক – দিল্লীত এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! নিহত ২৭গৰাকীকৈ লোক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply