সোণাৰি: ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC), অইল ইণ্ডিয়া লিমিটেড (OIL) আৰু ভাৰতীয় তৈল নিগম (IOCL)লৈ ৰাজহুৱা জাননী আলফা স্বাধীনৰ।
আলফা স্বাধীনৰ দাবী মানি ললে সামৰিক অভিযানৰপৰা বিৰত থাকিব অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি হুংকাৰ।
ৰাজহুৱা জাননী খনত সাতটাকৈ বিষয় জাৰি কৰিছে আলফা স্বাধীনে।
জন্মলগ্নৰে পৰা এই প্ৰতিষ্ঠান কেইটাই অসমৰ কিমান সম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰাৰ দাবী।
এই প্ৰতিষ্ঠানকেইটাৰ পৰিচালন সঞ্চালক পদত যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰাৰ দাবী।
প্ৰতিষ্ঠান কেইটাত চাকৰি ৯৫% কেৱল থলগিৰিৰ বাবে সংৰক্ষণ কৰাৰ লগতে চাকৰিৰ বাবে অনুষ্ঠিত কৰা যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই অনুষ্ঠিত কৰাৰ দাবী।
তিনিওটা প্ৰতিষ্ঠানৰ চাকৰি নিযুক্তিত চলি থকা অসাধু চক্ৰৰ ৰমৰমীয়া ক’লা বজাৰ বন্ধ কৰাৰ লগতে অসাধু চক্ৰটোক উৎখাত কৰাৰ দাবী জনোৱাৰ লগতে ঠিকাভিত্তিক নিয়োগ কৰা চাকৰি নিয়মীয়া কৰাৰ দাবী আলফা স্বাধীনৰ।
লগতে পঢ়ক : অপহৃত ONGCৰ বিষয়া ৰিতুল শইকীয়াৰ পত্নী মাতৃয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক
অসমৰ গাঁও সমূহলৈ পাইপযোগে ৰন্ধন গেছৰ যোগান ধৰাৰ লগতে অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাতো সুনিশ্চিত কৰিবলৈ দাবী ৰাজহুৱা জাননীৰ জৰিয়তে।
আনহাতে প্ৰতিষ্ঠান কেইটাই বিভিন্ন দল-সংগঠনক উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ দান-বৰঙণি দিয়াৰ বিপৰীতে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্ৰত্যক্ষ ভাৱে পাঁচ কোটিকৈ টকা আগবঢ়াব লাগিব বুলি ৰাজহুৱা জাননী জাৰি কৰিছে আলফা স্বাধীনে।
আলফা স্বাধীনৰ উপ সভাপতি তথা সেনাধ্যক্ষ পৰেশ অসম স্বাক্ষৰিত ৰাজহুৱা জাননী অনুসৰি আলফা স্বাধীনৰ এই বিষয়কেইটা অ’ এন জি চি, অইল আৰু ভাৰতীয় তৈল নিগম কৰ্তৃপক্ষই মানি চলাৰ প্ৰতিশ্ৰুতি দিলে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে আলফা স্বাধীনে অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযানৰপৰি বিৰত থাকিব অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি হুংকাৰ প্ৰদান কৰিছে।