অনাগত তিনি মাহৰ বাবে সকলো ধৰণৰ সামৰিক অভিযানৰ পৰা বিৰত থাকিব সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)। শনিবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে এই কথা সদৰী কৰে।
বৰ্তমান বিশ্বৰ লগতে অসমত ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা (স্বাঃ) এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
আলফা (স্বাঃ) উপসভাপতি আৰু সেনাধক্ষ পৰেশ অসমৰ স্বাক্ষৰিত বিজ্ঞপ্তিটোত কয়, ‘মানৱ জাতিৰ চৰম সংকটৰ সময়ত উপনিৱেশিক ভাৰতৰ দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ কিছু অসাধু বিষয়াই আলফা (স্বাঃ)ৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ কিছু গোপন অভিসন্ধি কৰা পৰিলক্ষিত হৈছে।‘
লগতে পঢ়ক : ONGC, OIL আৰু IOCLৰ ৯৫% পদত থলুৱাক নিযুক্তিৰ দাবী আলফা স্বাধীনৰ
ক’ভিড জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা (স্বাঃ) ‘সামৰিক বিভাগে আজি তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ সকলো ধৰণৰ সামৰিক অভিযান একপক্ষীয়ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।‘– বিজ্ঞপ্তিটোত কয়।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ডিগবৈৰ টিংৰাই বজাৰত সংঘটিত এক গ্ৰেণেড বিস্ফোৰণৰ আঁৰত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ কৰা হৈছিল। অৱশ্যে পিছত সংঠনটোৰ ফালৰ পৰা এক বিবৃতিৰ জৰিয়তে তেওঁলোকৰ উক্ত কাণ্ডৰ সৈতে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে।
লগতে পঢ়ক : ডিগবৈ গ্ৰেনেড বিস্ফোৰণ : দুজনৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ