গোৱালপাৰা : গোৱালপাৰা আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযান চলাই ক’ফ চিৰাপৰ এটা মিনি ‘আণ্ডাৰগ্ৰাউণ্ড’ ফেক্টৰী উৎখাত কৰাৰ লগতে প্ৰায় কোটি টকাৰ ঘৰত ড্ৰাগছ জাতীয় সামগ্ৰী জব্দ কৰ। আৰক্ষীয়ে এই সংক্ৰান্তত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত বৃহস্পতিবাৰে পোৱা আৰক্ষীৰ এটা দলে গোৱালপাৰা চহৰৰ জাহাংগীৰ আলম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই ক’ফ চিৰাপ প্ৰস্তুত কৰা এটা মিনি ফেক্টৰী উৎখাত কৰে বুলি গোলাঘাটৰ আৰক্ষী অধীক্ষক এছ বি ৰাকেশ ৰেড্ডীয়ে ইষ্টম’জ’ক জানিবলৈ দিয়ে।

আৰক্ষীয়ে লোকজনৰ শোৱনি কোঠাৰ তলত থকা এটা কোঠালিৰ পৰা ক’ফ চিৰাপ প্ৰস্তুতৰ বাবে ৯ ড্ৰামত ভৰ্তি কৰি ৰখা প্ৰায় ৪০০ লিটাৰ কেঁচামাল উদ্ধাৰ কৰে বুলি আৰক্ষী অধীক্ষকে সদৰী কৰে।

‘আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ছাইকোট্ৰোপিক ঔষধ জব্দ কৰে, আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰায় ১০ কোটি টকা। ইয়াৰ উপৰি তেওঁৰ ঘৰৰ পৰা য়াবা টেবলেট, হেৰোইন, নাইট্ৰোজেপাম টেবলেটকে ধৰি ৯১,৬০০ টকা জব্দ কৰা হয়,’ তেওঁ কয়।

লগতে পঢ়ক : বাঘজান কাণ্ড : ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ভূমিকাক লৈ মুঠেই সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়

আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা আণ্ডাৰগ্ৰাউণ্ড কোঠাটো খান্দিবলৈ ব্যৱহাৰ কৰা এখন জে চি বি, ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন বলেৰ’ পিক আপ ভান, এখন মাৰুটি অ’ল্ট কাৰ, এখন মটৰচাইকেল আৰু এখন ই-ৰিক্সায়ো জব্দ কৰে।

উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আলম, তেওঁৰ পত্নী ছাহিনা য়াছমিন আৰু তেওঁৰ খুলশালি ছাদ্দাম হুছেইনক আটক কৰি জেৰা চলাই আছে বুলি ৰেড্ডীয়ে জানিবলৈ দিয়ে।

‘আলমৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্য মেঘালয়ত ভাৰতীয় দণ্ড বিধি বহুকেইটা ধাৰা আৰু এন ডি পি এছ আইনৰ অধীনত এটা গোচৰ ৰুজু হৈ আছে,’ আৰক্ষী অধীক্ষক গৰাকীয়ে জনায়।

আনহাতে, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটাৰৰ যোগে গোৱালপাৰ আৰক্ষীৰ উক্ত সফল অভিযান সন্দৰ্ভত ৰাজ্যবাসীক অৱগত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply