সোণাৰি: সোণাৰিত এটা ক’লা বেগক কেন্দ্ৰ কৰি এক শ্বাসৰূদ্ধকৰ পৰিৱেশৰ সৃষ্টি হয়। শুকুৰবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত সোণাৰিৰ নামৰূপ বাছ আস্থানৰ কাষৰ এটা তেল ডিপোৰ সন্মুখত পৰি থকা ক’লা বেগক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।

উল্লেখ্য যে এটা গৰাকী বিহীন ক’লা বেগ বহু সময় ধৰি পৰি থকা দেখা পাই স্থানীয় লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে বেগটোত বোমা থকাৰ সন্দেহ কৰিছিল।

আৰক্ষীয়ে মেটেল ডিটেক্টৰ তথা স্নিফাৰ ডগৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰি বেগত বোমা থকাৰ সন্দেহত তিনিচুকীয়াৰ দিনজানস্থিত সেনা শিবিৰৰ লগত যোগাযোগ কৰাত বোমা বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীত আহি উপস্থিত হয়।

বোমা বিশেষজ্ঞৰ দলটোৱে বেগটো জেচিবিৰ সহায়ত এখন পথাৰলৈ নিয়ে যদিও বেগটোৰ ভিতৰৰ পৰা কাপোৰ, চেন্দেল আৰু কেইপদমান সামগ্ৰীহে উদ্ধাৰ হয়। উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ নমুনা ইতিমধ্যে ফৰেনচিক লেবৰটৰীলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

আনহাতে বোমাতংকৰ ফলত কেইঘণ্টামানৰ বাবে সোণাৰি নগৰখনত বিদ্যুৎ কৰ্তন তথা যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখাত জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰিছিল।

লগতে পঢ়ক – শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩০ জনৰ অধিক আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply