মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ এলিনা বেগমে তিনিচুকীয়া জিলা প্ৰশাসনে আগবঢ়োৱা কৃতি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰাকলৈ উৎফুল্লিত হৈ উঠিছে মাৰ্ঘেৰিটাবাসী।

৪ নং মাকুম পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বেগমৰ এই সাফল্যৰ পাছতে গৃহ অঞ্চলৰ বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনায়।

আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই কৃতি শিক্ষয়িত্ৰী গৰাকীক বিদ্যালয়ত গৈ ফুলাম গামোছা, চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰ সফুৰাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি ভাৰতীয় জনতা পাৰ্টিৰ মাৰ্ঘেৰিটা সামাজিক মাধ্যম কোষৰ তৰফৰ পৰাও এলিনা বেগমক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এখন ফুলাম গামোছা, চেলেং চাদৰ আৰু জাঁপিৰে সম্বধৰ্না জনোৱা হয়।

একেদৰে কৃৰ্তী শিক্ষয়িত্ৰী গৰাকীক মাৰ্ঘেৰিটা মুছলিম মহিলা হিদায়ৎ সমিতি, আগছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্য যে মাৰ্ঘেৰিটাৰ ৪ নং মাকুমপথাৰ প্ৰাথমিক বিদ্যালয়খনে বিগত সময়ত ধাৰাবাহিকভাৱে চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষা সমূহত A+ গ্ৰেড পাবলৈ সক্ষম হৈছে।

মুঠ ৪ গৰাকী শিক্ষয়ত্ৰীৰ লগতে প্ৰায় ৮০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰা এই বিদ্যালয়খনে ১৯৮৭ চনত প্ৰতিষ্ঠা লাভ কৰা কালৰে পৰা এলিনা বেগমে শিক্ষাদান কৰি আহিছে।

বেগম শিক্ষকতাৰ লগতে অঞ্চলটোৰ সাহিত্য-সংস্কৃতি তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো বিশেষভাৱে জড়িত।

লগতে পঢ়ক – অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ৰাজ্যত নতুন ৰাজনৈতিক দল গঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply