বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাত মহকুমা প্ৰশাসনৰ কৰ্মকাণ্ডই বিমোৰত পেলাইছে বোকাখাতৰ সৰু গাড়ীৰ মালিক সকলক।

কভিডৰ লগতে নিৰ্বাচনৰ কামত নিয়োজিত গাড়ীৰ বাবদ ২ টাকৈ বছৰে গাড়ী মালিক সকলক বঞ্চনা কৰি অহাৰ অভিযোগ বোকাখাত মহকুমা প্ৰশাসনৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে দুটাকৈ লকডাউনে জুৰুলা কৰা বোকাখাতৰ সৰুগাড়ীৰ মালিক সকলক বোকাখাত মহকুমা প্ৰশাসনে বিগত দুটাকৈ বছৰে ৩০-৩৫ লাখ টকা আদায় কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বোকাখাতৰ সৰু গাড়ীৰ মালিক সকলে।

অভিযোগ অনুসৰি বোকাখাত মহকুমা প্ৰশাসনৰ প্ৰয়োজনত বোকাখাতৰ লগতে দেৰগাঁও, বাদুলীপাৰ, কমাৰগাঁও আদি বিভিন্ন অঞ্চলৰ প্ৰায় ৩৫ খনৰো অধিক সৰু গাড়ী অধিগ্ৰহণ কৰাৰ পাছত প্ৰশাসনে আদায় দিব লগীয়া ধন আজি পৰ্যন্ত মোকলাই দিয়া নাই।

মঙলবাৰে বোকাখাত মহকুমা প্ৰশাসনৰ উক্ত কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰাপ্য ধন নোপোৱা পৰ্যন্ত মহকুমা প্ৰশাসনৰ কাৰ্যালয় ত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গাড়ী মালিকসকলে।

উল্লেখযোগ্য যে বোকাখাতৰ তদানিন্তন মহকুমাধিপতি বিপুল দাসৰ কাৰ্যকালতে ২০২১ চনত বোকাখাতত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বোকাখাতৰ লগতে বিভিন্ন অঞ্চলৰ পৰা প্ৰায় এটা মাহৰ বাবে মহকুমা প্ৰশাসনে ৩৫ খনৰো অধিক সৰু গাড়ী অধিগ্ৰহণ কৰিছিল।

গাড়ী মালিকসকলে অনাদায় হৈ থকা ধন মোকলাই দিয়াৰ দাবীত ইতিমধ্যে বহুবাৰ মহকুমা প্ৰশাসনৰ ওচৰত আবেদন-নিবেদন কৰি অহাৰ পাছটো বৃহৎ পৰিমানৰ ধনৰাশি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে বিভিন্ন অজুহাত প্ৰদৰ্শনেৰে প্ৰতিশ্ৰুতিৰ উপৰি প্ৰতিশ্ৰুতি প্ৰদান কৰা বোকাখাত মহকুমা প্ৰশাসনে কাৰ্যালয়লৈ গাড়ী মালিক সকলক দীৰ্ঘদিন ধৰি তাঁতবাতি কৰোৱা বুলিহে গাড়ী মালিক সকলে অভিযোগ কৰে।

মহকুমা প্ৰশাসনে যোৱা ২৬ মাৰ্চত গাড়ী মালিক সকলক সমুদায় ধন আদায় দিয়াৰ পুনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যতঃ সেয়া হৈ নুঠিল। ফলত অতীষ্ঠ হৈ পৰা গাড়ী মালিকসকলে আজি প্ৰাপ্য ধন নোপোৱা পৰ্যন্ত মহকুমাৰ প্ৰশাসনৰ কাৰ্যালয় ত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক – যোৱা এক দশকত অসমত ২৮,০০০-তকৈ আত্মহত্যাৰ ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply