নিউজ ডেস্ক: অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই। বুধবাৰে বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত যশস্বী কণ্ঠশিল্পী, সুৰকাৰ গৰাকীৰ দেহাৱসান ঘটে।
উল্লেখযোগ্য যে সোমবাৰে পুৱা ১০ মান বজাত হঠাতে অসুস্থ হৈ অচেতন হৈ পৰাত শিল্পী গৰাকীক গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।
পিছত চিটি স্কেন ৰিপ’ৰ্টত তেওঁ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ধৰা পৰে।
১৯৫১ চনত শিৱসাগৰ জিলাৰ নাজিৰাত জন্মগ্ৰহণ কৰা অপূৰ্ব বেজবৰুৱাই অসমীয়া সংগীত জগতলৈ প্ৰায় ২০০০ গীত উপহাৰ দি থৈ গৈছে।
পত্নী আৰু দুই কন্যাক ইহ সংসাৰত এৰি থৈ যোৱা প্ৰয়াত সংগীতশিল্পী গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈ ৭১ বছৰ।
লগতে পঢ়ক – অস্কাৰৰ বাবে মনোনীত দলিত মহিলা সাংবাদিকৰ কাহিনীৰে নিৰ্মিত তথ্যচিত্ৰ
কপৌপাহী তোৰে খোপাত
কিমান ধুনীয়া দেখি ,
অ’ মাইজান তোকেহে দেখা পাই ,
অ’ সৰু ভনিটি মূগা ৰিহা পিন্ধিলি আদি অলেখ চিৰসেউজ জনপ্ৰিয় গীতৰ স্ৰষ্টা বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু কন্ঠ শিল্পী অপূৰ্ব বেজবৰুৱাৰ মৃত্যু ৰাজ্যৰ সংগীত জগতলৈ অপূৰণীয় ক্ষতি। ১৯৭৪-৭৬লৈ গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ অস্থায়ী ঘোষক হিচাপে কাম কৰিছিল।
তেওঁ পৰৱৰ্তী সময়ত ১৯৭৮চনত ভাৰতীয় খাদ্য নিগমৰ বিষয়া হিচাপে যোগদান কৰে। ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰৰ তেওঁ গীতিকাৰ, সুৰকাৰ আৰু কন্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁৰ অনন্য অৱদানৰ বাবেই ২০২০ চনত ৰাজ্য চৰকাৰ শিল্পী বঁটা আগবঢ়াইছিল।