নিউজ ডেস্ক: নুমলীগড় ৰিফাইনেৰী লিমিটেড (NRL)-ত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুসৰি ‘’উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে দুৰ্নীতিমুক্ত ভাৰত’’ শীৰ্ষক বিষয়বস্তুৰে সতৰ্কতা সজাগতা সপ্তাহ, ২০২২ পালন কৰা হৈছে।
NRL-ৰ পৰিচালনা সঞ্চালক ভাস্কৰজ্যোতি ফুকনে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক অখণ্ডতাৰ শপতবাক্য পাঠ কৰোৱাই সপ্তাহটো উদ্ধোধন কৰে।
তেওঁ দুৰ্নীতিৰ কু-প্ৰভাৱৰ বিষয়ে কয় প্ৰতিৰোধমূলক আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত সামূহিক অংশগ্ৰহণৰ বিষয়ে পুনৰ নিশ্চিত কৰে। অনুষ্ঠানত শোধনাগাৰৰ CISF জোৱানসকলকো শপতবাক্য পাঠ কৰোৱা হয়।

এক বিজ্ঞপ্তি যোগে প্ৰতিষ্ঠানটোৱে জনোৱা মতে NRL-ৰ সতৰ্কতা বিভাগে তেওঁলোকৰ কৰ্মচাৰী আৰু ইয়াৰ অংশীদাৰসকলৰ বাবে সতৰ্কতা সজাগতা সপ্তাহৰ বিষয়বস্তৰ বাবে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰ উপৰ নুমলীগড় শোধনাগাৰ আৰু শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেলৰ ওচৰৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰচাৰ কাৰ্য আৰম্ভ কৰা হৈছে বুলিও বিজ্ঞপ্তিটোত কোৱা হয়।
লগতে পঢ়ক – ৰাজ্যৰ ৬৫ শতাংশ অঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হৈছে: মুখ্য মন্ত্ৰী