শিৱসাগৰ, আমিনুৰ ৰহমান: শিৱসাগৰ জিলাৰ বেতবাৰী চেতিয়া কৈৱৰ্ত দুৱৰী গাঁৱত দিচাং নৈৰ খহনীয়াই বেতবাৰী মৌজাৰ লগতে গাতে লাগি থকা শিৱসাগৰ নগৰলৈ ভাবুকি কঢ়িয়াই আনিছে।

অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা মতে দুৱৰী গাঁৱত দিচাং নৈৰ মথাউৰিৰ ছিঙা অংশটো যদিহে অতি সোনকালে মেৰামতি কৰা নহয় তেতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে শিৱসাগৰ নগৰ বানত ডুব যাব।

জলসম্পদ বিভাগে যোৱা বছৰ কেৱল বাঁহৰ গোজ পুতি দায়িত্ব সামৰা বুলি অভিযোগ কৰি স্থানীয় ৰাইজে খহনীয়া কয় যে মথাউৰিৰ ইতিমধ্যে সৰহভাগ অংশ পানীত যাহ গৈছে। ফলত লোকসকলে  উজাগৰি নিশা পাৰ কৰিবলগা হৈছে।

আনহাতে স্থানীয় বিধায়ক অখিল গগৈৰ ওপৰতো যথেষ্ট অসন্তুষ্ট দুৱৰী গাঁৱৰ অঞ্চলবাসী। ‘‘বৰ্তমানৰ বিধায়ক অখিল গগৈৰটো আমি মুখেই দেখা নাই ইয়াত। তেওঁকো আমি আৱেদন জনাও যে তেওঁ আহি পৰিদৰ্শন কৰক আৰু অতি সোনকালে সুব্যৱস্থা এটা গ্ৰহণ কৰক,’’ এজন গাঁওবাসীয়ে কয়।

লগতে পঢ়ক – চান্দমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply